আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে আগন্তুক ২০২৬ ৰ ফিফা বিশ্বকাপত ইৰানৰ ফুটবল দলে অংশগ্ৰহণ কৰা উচিত নহয়, কিয়নো ইয়াৰ ফলত খেলুৱৈসকলৰ জীৱন আৰু সুৰক্ষা বিপন্ন হ’ব পাৰে। বিশ্ব ফুটবল ফেডাৰেচনৰ সভাপতি জিয়ানি ইনফান্টিনোক এই প্ৰতিযোগিতাত ইৰানৰ দলটোক আদৰণি জনোৱা হ’ব বুলি কোৱাৰ দুদিন পিছতে ট্ৰাম্পৰ এই মন্তব্য কৰে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে ইৰানৰ ৰাষ্ট্ৰীয় ফুটবল দলটোক বিশ্বকাপত আদৰণি জনোৱা হৈছে যদিও খেলুৱৈসকলৰ সুৰক্ষাৰ চিন্তাৰ বাবে তেওঁলোকৰ বাবে অংশগ্ৰহণ কৰাটো অনুচিত হ’ব। ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত উদ্ভৱ হোৱা যুদ্ধই এইবাৰৰ পুৰুষৰ বিশ্বকাপত ইৰানৰ অংশগ্ৰহণক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। কানাডা, মেক্সিকো, আৰু আমেৰিকাই যৌথভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতা।

বিশ্ব ফুটবল ফেডাৰেচনৰ সভাপতি জিয়ানি ইনফান্টিনোৱে এই সপ্তাহত কয় যে হোয়াইট হাউছত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ সময়ত ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা হৈছিল। তেওঁ কয় যে ট্ৰাম্পে পুনৰ কয় যে ইৰানৰ দলটোৱে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আদৰণি জনোৱা হৈছে। যোৱা ডিচেম্বৰ মাহত ইনফান্টিনোৱে বিশ্ব ফুটবল ফেডাৰেচনৰ শান্তি বঁটা প্ৰতিষ্ঠা কৰিছিল আৰু ট্ৰাম্পে প্ৰথম এই বঁটা লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *