নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ ধাৰাপুৰ কৃষি চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ আঠ শতাধিক কৃষকক চৰকাৰে প্ৰদান কৰা বিভিন্ন শস্যৰ বীজ আজি কাৰ্যালয় চৌহদত  বিনামূলীয়াকৈ  বিতৰণ কৰা হয়।

কৃষি চক্ৰৰ অন্তৰ্গত পূব মাজিৰগাও , কেন্দুকুছি,ভট্টাপাৰা,গড়ল, ধাৰাপুৰ, খানামুখ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চৰনেহালিৰ কৃষকক মাটিমাহ,সৰিয়হ,মুগ,মাকৈ,পিয়াজ, আলুৰ বীজৰ উপৰি কীটনাশক দ্ৰব্য প্ৰদান কৰা হয়।

আনহাতে বিতৰণ কাৰ্যসূচীত কৃষি উন্নয়ন বিষয়া নীপমজ্যোতি দত্ত , কৃষি উপ পৰিদৰ্শক ক্ৰমে ভৱেশ শৰ্মা আৰু কামেশ্বৰ বৈশ্য, কৃষি সম্প্ৰসাৰণ সহায়ত মন্টু বৈশ্য উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *