সমগ্ৰ পৃথিৱীৰ বিভিন্ন উদ্যোগত বহুমুখী সুবিধা-ব্যৱহাৰৰ বাবে তৈলপামৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি ব্যক্তিগত যত্নৰ সামগ্ৰী, খাদ্য সামগ্ৰী আৰু জৈৱ ইন্ধন উৎপাদনৰ প্ৰধান উপকৰণ হিচাপে গণ্য কৰা তৈলপামৰ বিষয়ে সকলোৱে মূল্যায়ন কৰি আছে, প্ৰচলিত ভ্ৰান্ত ধাৰণাসমূহক প্ৰত্যাহ্বান জনাই নিজৰ পুষ্টিকৰ গুণাগুণসমূহৰ ওপৰত আলোকপাত কৰিছে। তৈলপামক লৈ প্ৰচলিত আন এটা ভ্ৰান্ত ধাৰণা হৈছে অধিক সংপৃক্ত চৰ্বিৰ পৰিমাণৰ বাবে স্বাস্থ্যৰ বিপদাশংকা থাকে আৰু ইয়ে মানুহৰ জীৱনলৈ বিপদ আনি দিব পাৰে। পিছে শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে স্বাস্থ্যৰ ওপৰত চৰ্বিৰ প্ৰভাৱ বিষয়টো যথেষ্ট জটিল, সকলো সংপৃক্ত চৰ্বি ক্ষতিকাৰক বুলি থকা ধাৰণাটো শুদ্ধ নহয়। লক্ষণীয়ভাৱে বিটা-কেৰোটিন আৰু ভিটামিন ই-টোকোট্ৰিয়েনলৰ দৰে উপকাৰী চৰ্বিৰে সমৃদ্ধ তৈলপামৰ গঠনে এক সন্তুলিত আহাৰত এক মূল্যৱান সংযোজন হিচাপেহে স্থান দিছে। ৰন্ধন-প্ৰকৰণত ব্যৱহাৰৰ বাহিৰেও তৈলপামে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে, যাৰ ভিতৰত আছে মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি, কথা পাহৰা বা স্মৃতিশক্তি বৃদ্ধিত সহায় আৰু ভিটামিন এ-ৰ সমস্যা দূৰ কৰা ইত্যাদি। তদুপৰি তৈলপামৰ বহুমুখী ব্যৱহাৰ কেৱল পাকঘৰতে সীমাবদ্ধ নহয়, এণ্টিঅক্সিডেণ্ট গুণাগুণৰ বাবে ছালৰ যত্ন আৰু ফাৰ্মাচিউটিকেলতো প্ৰয়োগ হৈছে। চৌপাশৰ বহনক্ষমতা আৰু পৰিৱেশৰ ওপৰত পাৰ্শ্বক্ৰিয়াক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে তৈলপামে প্ৰতি হেক্টৰত অধিক উৎপাদনৰ বাবে বিশ্বৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰখনত অবিচ্ছেদ্য অংগ হৈয়েই আছে। মালয়েছিয়ান পাম অইল কাউন্সিলৰ দৰে সংস্থাৰ প্ৰচেষ্টাই দায়িত্বশীল উৎপাদনৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে সম্যক ধাৰণা আৰু আলোচনা-প্ৰচাৰৰ মাজেৰে অৰ্থনৈতিক স্থিতিশীলতাৰ পথ মুকলি কৰিছে। Share this:FacebookX Related Post navigation পেটেল ইঞ্জিনিয়াৰিং লিমিটেডক শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ভাৰতৰ চেলা পাছ টানেল প্ৰকল্পৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি সন্মানিত কৰা হয় উজাছ ঋতুস্ৰাৱ স্বাস্থ্য এক্সপ্ৰেছে অসম পাবলৈ ২৯০২ কিলোমিটাৰ অতিক্ৰম কৰিছে