তানিষ্কে অক্ষয় তৃতীয়াৰ পূৰ্বে ব্যক্তিত্ব আৰু প্ৰকাশভংগীমূলক ডিজাইন বিচৰা আধুনিক ভাৰতীয় মহিলাসকলক লক্ষ্য কৰি মুকলি কৰিছে শেহতীয়া প্ৰাকৃতিক ৰত্নৰ গহনা সংকলন ‘হিউজ’। এই সংগ্ৰহে ব্ৰেণ্ডটোৰ ক্ৰমবৰ্ধমান প্ৰাকৃতিক ৰত্ন খণ্ডলৈ কৌশলগত সম্প্ৰসাৰণৰ সূচনা কৰিলে, য’ত ১৮ কেৰেট স্বৰ্ণত প্ৰস্তুত কৰা ১০০% প্ৰাকৃতিক শিলৰ বিবিধ বৈশিষ্ট্য আছে। ভাৰতীয় গ্ৰীষ্মকালৰ স্পন্দনৰ পৰা অনুপ্ৰাণিত হৈ ‘হিউজ’ত পান্না, এমেথিষ্ট, চাইট্ৰিন, টৰ্মালিন আৰু টেনজানাইটৰ দৰে ৰত্নৰ সৈতে বলিষ্ঠ, সমসাময়িক ডিজাইন প্ৰদৰ্শন কৰা হৈছে। এই সংগ্ৰহে মাৰ্কিছ, টেবিজ আৰু কেব’চনকে ধৰি বিবিধ ৰূপসমূহ উজ্জ্বল কৰি তুলিছে, স্তৰযুক্ত টেক্সচাৰ আৰু গতিশীল ৰূপ সৃষ্টি কৰিছে। ৩০,০০০ টকাৰ পৰা আৰম্ভ হোৱা এই পৰিসৰ দৈনন্দিন পৰিধান আৰু বিশেষ অনুষ্ঠান দুয়োটাৰে বাবে ডিজাইন কৰা হৈছে। উৎসৱমুখৰ অফাৰত মেকিং চাৰ্জ আৰু হীৰাৰ মূল্যত ২০% পৰ্যন্ত ৰেহাইৰ লগতে সোণ ক্ৰয়ত প্ৰতি গ্ৰামত ২০১ টকা ৰেহাই দিয়া হৈছে।

আত্ম-অভিব্যক্তি আৰু আধুনিক নাৰীত্বৰ বিষয়বস্তু প্ৰতিফলিত কৰি অভিনেত্ৰী ত্ৰিপ্তী দিমৰীক এই প্ৰচাৰৰ মুখ হিচাপে নিৰ্বাচিত কৰা হৈছে।  টাইটান কোম্পানী লিমিটেডৰ জ্যেষ্ঠ কাৰ্যবাহীসকলে কয় যে, এই সংগ্ৰহৰ লক্ষ্য হৈছে বিনিয়োগৰ পৰা ব্যক্তিগত শৈলীলৈ মনোযোগ স্থানান্তৰ কৰি মহিলাসকলে কেনেদৰে জেমষ্টনৰ অভিজ্ঞতা লাভ কৰে তাক ন ৰূপত ৰ্নিৰ্ধাৰণ কৰা।

গুৱাহাটীৰ যুৱ ক্ৰেতাসকলৰ মাজত লাইটৱেইট, ডিজাইন-কেন্দ্ৰিক গহণাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে, বিশেষকৈ উৎসৱৰ বতৰত আগ্ৰহ বাঢ়িছে।  ‘হিউজ’ৰ দৰে প্ৰাকৃতিক জেনষ্টনৰ আকৰ্ষণীয় সংগ্ৰহে পৰম্পৰাগত সোণ ক্ৰয়ৰ বাহিৰেও অনন্য আৰু বহুমুখী সামগ্ৰী বিচাৰি থকা নগৰীয়া গ্ৰাহকসকলক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *