বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ কেতিয়াও গ্ৰহণ নকৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শেহতীয়াকৈ তেওঁ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যদ্বাণীক তীব্ৰ সমালোচনা কৰি শইকীয়াই কয়, “বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ। মই মোৰ পিতৃ-মাতৃৰ আদৰ্শৰে কলেজীয়া দিনৰ পৰাই কংগ্ৰেছত আছোঁ আৰু এই আদৰ্শত অবিচল হৈ থাকিম।” তেওঁ লগতে কয়, “মই বিজেপিৰ দৰে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সংবিধান সংশোধন কৰিব খোজা এটা দলৰ প্ৰতি কেতিয়াও সমৰ্থন আগনবঢ়াওঁ।” ইফালে, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগৰ প্ৰসংগ উত্থাপন কৰি শইকীয়াই ইয়াক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। মঙলবাৰে দলত্যাগ কৰাৰ পাছত বুধবাৰে নতুন দিল্লীত বিজেপিত যোগদান কৰা বৰদলৈৰ এই কাৰ্যই তেওঁক মৰ্মাহত কৰা বুলি কয় দেৱব্ৰত শইকীয়াই। তেওঁ কয় যে প্ৰায় তিনি দশকজুৰি দলৰ পৰা সকলো সা-সুবিধা লাভ কৰাৰ পাছতো এনেদৰে আদৰ্শৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰা বিষয়টো তেওঁ সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। কংগ্ৰেছৰ কৰ্মীক হতাশ কৰিবলৈ একাংশই দলত্যাগৰ অপপ্ৰচাৰ চলোৱা বুলিও শইকীয়াই অভিযোগ উত্থাপন কৰিছে। এজন নিষ্ঠাবান সৈনিক হিচাপে কংগ্ৰেছৰ নীতিৰে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজ দি যাব বুলি তেওঁ পুনৰ দোহাৰে। Share this:FacebookX Related Post navigation ৰন্ধন গেছৰ দাম বৃদ্ধি লৈ কংগ্ৰেছৰ প্ৰতিবাদ; ৰাজ্যজুৰি আন্দোলন গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল২ত বিমান সেৱা আৰম্ভ, প্ৰথম বিমানসেৱাৰ নেতৃত্বত এয়াৰ ইণ্ডিয়া