দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত ৮ গৰাকী আৰক্ষী জোৱান আহত হয় ।পৌৰ নিগমৰ লোক আৰু আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুষ্কৃতিকাৰীৰ । ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আৰক্ষীয় আটক কৰিছে ।
জানিব পৰা মতে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি দিল্লী পৌৰ নিগমে প্ৰায় ৩২ খন বুলডজাৰ আৰু বৃহৎ আৰক্ষী দলৰ উপস্থিতিত উচ্ছেদ অভিযান চলায় । সাধাৰণতে দিনৰ ভাগত এনে অভিযান চলে যদিও নিৰাপত্তাজনিত কাৰণত আৰু প্ৰতিবাদৰ আশংকাৰ বাবে প্ৰশাসনে নিশা ১:৩০ বজাতে এই উচ্ছেদ অভিযান আৰম্ভ কৰে ।আৰক্ষীয়ে জনোৱা মতে দিল্লী পৌৰ নিগমে (এম চি ডি), আগতীয়াকৈ আৰক্ষীক এই উচ্ছেদ অভিযানৰ কথা অৱগত কৰি আইন-শৃংখলা বজাই ৰখাৰ বাবে সহায় বিচাৰিছিল । আৰক্ষীয়ে জনোৱা মতে এই হিংসাত্মক ঘটনাত জড়িত ৫ জন লোকক আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীৰ মতে উচ্ছেদৰ সময়ত প্ৰায় ২৫-৩০ গৰাকী লোকে আৰক্ষী আৰু এম চি ডিৰ বিষয়াসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *