হলিউডৰ ‘ৱাক অৱ ফেম’ৰ বাবে নিৰ্বাচিত হৈছে অভিনেত্ৰী দীপিকা পাডুকন আৰু সম্ভৱতঃ তেওঁ এই সন্মানীয় সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী। বুধবাৰে নিশা হলিউড ৱাক অৱ ফেম পৰিচালনা কৰা চৰকাৰী সংস্থা হলিউড চেম্বাৰ অৱ কমাৰ্চে এই খবৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। পোষ্টটোত কোৱা হৈছে যে হলিউড চেম্বাৰ অৱ কমাৰ্চৰ ৱাক অৱ ফেম নিৰ্বাচন পেনেলে চলচ্চিত্ৰ, টেলিভিছন, থিয়েটাৰ/প্ৰেজেণ্টেচন, ৰেডিঅ’, ৰেকৰ্ডিং আৰু ক্ৰীড়া মনোৰঞ্জনৰ শাখাত কেইবাজনো মনোৰঞ্জন পেছাদাৰীক হলিউড ৱাক অৱ ফেমৰ বাবে নিৰ্বাচিত কৰিছে।হলিউডৰ চেম্বাৰ অৱ কমাৰ্চে কয়-দীপিক পাডুকনক ২০২৬ চনৰ ৱাক অৱ ফেম ক্লাছলৈ আদৰণি জনাই আমি গৌৰৱান্বিত হৈছো!

এমিলি ব্লাণ্ট, টিমোথি চালামেট, মেৰিয়ান কটিলাৰ্ড, ষ্টেনলি টুচি, ৰামি মালেক, ৰেচেল মেকএডামছ, ডেমি মূৰ, চলচ্চিত্ৰ নিৰ্মাতা ক্ৰীছ কলম্বাছ আৰু টনি স্কটকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় হলিউডৰ অভিনেতাৰ সৈতে এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী হ’ব দীপিকা। ২০২৪ চনৰ ১৪ জুনত অনুষ্ঠিত এখন বৈঠকত পেনেলে শ শ মনোনয়নৰ পৰা এই অভিনেতাসকলক নিৰ্বাচন কৰিছিল আৰু সেইদিনা হলিউড চেম্বাৰৰ পৰিচালনা সমিতিৰ দ্বাৰা নিশ্চিত কৰা হৈছিল।

২০০৭ চনত ওম শান্তি ওম ছবিৰে বলীউডত অভিষেক ঘটোৱাৰ পিছৰে পৰা দীপিকাই ভাৰতৰ অন্যতম শীৰ্ষ তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে। ‘লাভ আজ কল’, ‘পিকু’, ‘বাজীৰাও মস্তানী’, ‘গোলিয়ন কি ৰাছলীলা ৰাম-লীলা’, ‘পদ্মাৱত’, ‘ছাপাক’ আদি ছবিত সুন্দৰ অভিনয় কৰিছে। ২০১৭ চনত দীপিকাই হলিউডত ভিন ডিজেলৰ সৈতে ‘xXx: Return of Xander Cage’ ছবিত কাম কৰিছিল। দীপিকাই ২০১৮ চনত টাইম আলোচনীৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল আৰু ‘টাইম ১০০ ইমপেক্ট বঁটা’ লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *