মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰি অৰুণাচল প্ৰদেশত আৰক্ষীৰ জালত পৰিল এজন যুৱক। ইটানগৰৰ নাহৰলগুনৰ পৰা শনিবাৰে আৰক্ষীয়ে কৃষ্ণ দৰ্ণাল নামৰ ২৯ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ পৰা লাভ কৰা বিশেষ তথ্যৰ ভিত্তিত ইটানগৰৰ ডলাটফুলবাৰী গাঁৱৰ পৰা যুৱকজনক বৃহস্পতিবাৰেই জিম্মাত লোৱা হয়। ইটানগৰ ৰাজধানী অঞ্চলৰ আৰক্ষী অধীক্ষক নেলম নেগাই জনোৱা মতে, অভিযুক্ত যুৱকজনে হোৱাটছএপৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মালৈ ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছিল। জেৰাৰ সময়ত দৰ্ণালে স্বীকাৰ কৰে যে তেওঁ কাম কৰা স্থানীয় এখন সুৰাৰ দোকানৰ ধন অপচয় কৰিছিল। দোকানৰ মালিকে ধনৰ হিচাপ বিচৰাত তেওঁ বিপদত পৰি প্ৰথমে মুখ্যমন্ত্ৰীৰ অফিচিয়েল ইমেইলত সহায় বিচাৰি বাৰ্তা পঠিয়াইছ… Share this:FacebookX Related Post navigation বিজেপিত ভৰি দিয়ো গৌৰৱ গগৈৰ পক্ষত প্ৰদ্যুৎ বৰদলৈ, পাকিস্তান সম্পৰ্ক প্ৰসংগত ক’লে এই কথা অসমৰ নিৰ্বাচনী ৰণত বিজেপিৰ ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰ! প্ৰচাৰ চলাবলৈ আহিব মোদী-শ্বাহ