ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিহত হৈছে। ইৰাণী সেনাৰ মুৰব্বী আব্দুল ৰহিম মৌছাভি আৰু প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল আজিজ নাছিৰজাদেও নিহত হয়। ইৰাণীৰ ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী জেনেৰেল মহম্মদ পাকপা আৰু কেইবাজনো জ্যেষ্ঠ সেনাধ্যক্ষৰ মৃত্যুও নিশ্চিত হৈছে। শনিবাৰে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ কেইবাখনো চহৰত আক্ৰমণ চলায় আৰু দেওবাৰে পুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত খামেনেইৰ মৃত্যুৰ দাবী কৰে। ইয়াৰ পিছতে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে খামেনেইৰ মৃত্যু নিশ্চিত কৰে। ইৰাণৰ এগৰাকী চৰকাৰী টিভি এংকৰে কান্দি কান্দি খামেনেইৰ মৃত্যুৰ কথা ঘোষণা কৰি ৪০ দিনৰ শোক ঘোষণা কৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে-ইতিহাসৰ অন্যতম বেয়া মানুহ খামনেই এতিয়া মৃত্যুমুখত পৰিছে। ইফালে, এই আক্ৰমণত প্ৰায় ৪০ জন ইৰাণী বিষয়া নিহত হৈছে। আনহাতে, ইজৰাইলে কয় যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মুৰব্বীকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়াক হত্যা কৰা হৈছে। ইফালে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ এক বিবৃতিত আমেৰিকাৰ ঘাটি আৰু ইজৰাইলত আক্ৰমণৰ সতৰ্কবাণী দিয়ে।বিবৃতিটোত কোৱা হৈছে যে, “ ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সশস্ত্ৰ বাহিনীৰ ইতিহাসৰ আটাইতকৈ বিপজ্জনক আক্ৰমণ কিছু মুহূৰ্তৰ ভিতৰতে আৰম্ভ হ’ব, দখল কৰা ভূখণ্ড আৰু আমেৰিকাৰ সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি লোৱা হ’ব। ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে যদি এনেকুৱা হয় তেন্তে আমেৰিকাই প্ৰতিশোধ ল’ব। Share this:FacebookX Related Post navigation পূৰণ নহ’ব অগপৰ ইচ্ছা! বঢ়মপুৰত জিতু গোস্বামীয়েই হ’ব বিজেপিৰ প্ৰাৰ্থী ৰাণীত ১৭৫ চি আৰ পি এফৰ উদ্যোগত মহিলা – যুৱতীক চিলাই প্ৰশিক্ষণ আৰু মেচিন বিতৰণ