অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰ সোমবাৰে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগত চিডনীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ক্ৰীড়া বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিডনীৰ মাৰৌব্ৰাত যান-বাহন পৰীক্ষাৰ সময়ত নিউ চাউথ ৱেলছ আৰক্ষীয়ে ৱাৰ্নাৰক আটক কৰে। বৰ্তমান পাকিস্তান ছুপাৰ লীগত কৰাচী কিংছক নেতৃত্ব দি থকা ৩৯ বছৰীয়া খেলুৱৈগৰাকীৰ দেহত নিৰ্ধাৰিত সীমাতকৈ অধিক পৰিমাণৰ এলকহল ধৰা পৰাৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আৰক্ষীৰ পৰীক্ষাত ৱাৰ্নাৰৰ তেজত এলকহলৰ মাত্ৰা ০.১০৪ পোৱা গৈছে। এই পৰিমাণ অষ্ট্ৰেলিয়াৰ আইনী সীমাতকৈ দুগুণতকৈও অধিক। আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে দেওবাৰে বিয়লি প্ৰায় ৫:৩০ বজাত মাৰৌব্ৰাৰ মালাবাৰ ৰোডত আৰক্ষীয়ে নিয়মীয়া পৰীক্ষা চলাই থকাৰ সময়তে এখন ভ্যান হঠাতে থমকি ৰোৱা প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে গাড়ীখনৰ চালকজনক পৰীক্ষা কৰাত তেওঁৰ দেহত এলকহলৰ উপস্থিতি ধৰা পৰে। আৰক্ষীয়ে ৱাৰ্নাৰক মাৰৌব্ৰা আৰক্ষী থানালৈ লৈ যায় আৰু তাত দ্বিতীয়বাৰৰ পৰীক্ষাতো একেই ফল ওলোৱাত তেওঁক দোষী সাব্যস্ত কৰা হয়। এই অপৰাধৰ বাবে অহা ৭ মে’ত ডাউনিং চেণ্টাৰ লোকেল ক’ৰ্টত হাজিৰ হ’বলৈ আৰক্ষীয়ে ৱাৰ্নাৰক জাননী জাৰি কৰিছে। উল্লেখ্য যে ২০২৪ চনৰ জানুৱাৰীত টেষ্ট ক্ৰিকেটৰ পৰা আৰু ২০২৩ চনৰ বিশ্বকাপৰ পাছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৱাৰ্নাৰে। Share this:FacebookX Related Post navigation অসমত ভ্ৰষ্টাচাৰী চৰকাৰৰ অন্ত পৰাটো নিশ্চিত; জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি খাৰ্গেৰ