ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ইৰানৰ পাৰমাণৱিক তিনিটা কেন্দ্ৰত আক্ৰমণত চলাই সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা বুলি দাবী কৰাৰ পিছত আমেৰিকা-ইৰানৰ দশক দশকজোৰা সংঘাত সৰ্বোচ্চ পৰ্যায়লৈ উন্নীত হয়। ইৰানে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ কথা ঘোষণা কৰিছিল আৰু এতিয়া ইৰানে তেনে কৰিছে। আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰৰূপে সোমবাৰে কাটাৰত থকা আমেৰিকাৰ ঘাটিত মিছাইলৰ জৰিয়তে ইৰানে আক্ৰমণ চলায়। এই আক্ৰমণত ইৰানৰ সকলো মিছাইল আকাশতে ধ্বংস কৰিবলৈ সক্ষম হৈছে আৰু আমেৰিকাৰ কোনো লোকৰ মৃত্যু হোৱা নাই। অৱশ্যে আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইৰাণৰ বিষয়াসকলে এই আক্ৰমণ তেওঁলোকৰ প্ৰতিশোধৰ অন্ত নহয় বুলি কৈছে। এই আক্ৰমণৰ পিছতে ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত দাবী কৰিছে যে সকলো পক্ষই যুদ্ধবিৰতিৰ ওপৰত একমত হৈছে আৰু তেওঁ আশা কৰিছে যে ইয়াৰ দ্বাৰা সংঘাতৰ আনুষ্ঠানিক অন্ত পৰিব।

কিন্তু ইৰানে কয় যে যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তি হোৱা নাই। ইজৰাইলে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২৪ জুনত কয় যে  আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এই যুদ্ধ আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব। ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে যে এইখন এনেএখন যুদ্ধ যিখন বছৰ বছৰ ধৰি চলি  থাকিলেহেঁতেন আৰু সমগ্ৰ মধ্যপ্ৰাচ্যক ধ্বংস কৰিলেহেঁতেন, কিন্তু সেয়া নহ’ল আৰু কেতিয়াও নহ’ব। ইজৰাইল-ইৰানৰ এই সংঘাতক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ‘১২ দিনীয়া যুদ্ধ’ বুলি অভিহিত কৰিছে। ১৩ জুনত ইজৰাইলে ‘অপাৰেচন ৰাইজিং লায়ন’ৰ অধীনত ইৰানৰ পাৰমাণৱিক আৰু সামৰিক প্ৰতিষ্ঠানসমূহত বিমান আক্ৰমণ চলায়।ইজৰাইলৰ দাবী যে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণৰ উচ্চাকাংক্ষা বন্ধ কৰিবলৈ এই পদক্ষেপ প্ৰয়োজনীয় আছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইৰানে তেল আভিভত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়।

এই সংঘাতত আমেৰিকাই স্পষ্টভাৱে ইজৰাইলৰ সৈতে থিয় দিছিল আৰু ইৰানৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰকো আক্ৰমণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰানে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ নিজৰ সামৰিক ঘাটিবোৰকো লক্ষ্য কৰি লৈছিল। ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে টুইটাৰযোগে লিখিছে যে ইৰাণে বাৰে বাৰে স্পষ্ট কৰি দিয়াৰ দৰে যুদ্ধখন ইৰানে নহয় ইজৰাইলৰ দ্বাৰা আৰম্ভ কৰিছিল। আৰাঘচিয়ে কয় যে এতিয়ালৈকে কোনো ধৰণৰ ‘যুদ্ধবিৰতি’ বা সামৰিক ব্যৱস্থা বন্ধ কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *