টাটা গ্ৰুপৰ ভাৰতৰ প্ৰথম আৰু বিশ্বাসী অম্নি-চেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰমাই গুৱাহাটীৰ ভিআইপি ৰোড আৰু লখৰাত দুখন নতুন ষ্টৰ মুকলি কৰি অসমত নিজৰ উপস্থিতি শক্তিশালী কৰিছে, যি ব্ৰেণ্ডটোৰ আঞ্চলিক সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সংযোজনৰ জৰিয়তে ক্ৰমাই অসমৰ গ্ৰাহকসকলক নিৰবিচ্ছিন্ন আৰু উন্নত বজাৰৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে গুণগত মানদণ্ডৰ ইলেক্ট্ৰনিকছৰ বৰ্ধিত চাহিদা পূৰণ অব্যাহত ৰাখিছে। দেশৰ ২০০ৰো অধিক চহৰত ৫৬০ৰো অধিক ষ্টৰ আৰু ৫৫০ৰো অধিক ব্ৰেণ্ডৰ ১৬,০০০ৰো অধিক সামগ্ৰীৰ সৈতে ক্ৰমা ভাৰতত বৃহৎ ফৰ্মেটৰ ইলেক্ট্ৰনিকছ ৰিটেইলৰ নেতৃত্ব বহন কৰিছে। ক্ৰমাই এতিয়া অসমত ৩খন ষ্টৰ পৰিচালনা কৰি আছে, যিয়ে উত্তৰ-পূবৰ অন্যতম স্পন্দনশীল নগৰীয়া কেন্দ্ৰত এক কৌশলগত সম্প্ৰসাৰণৰ সূচনা কৰিছে।লখৰা : সাউকুচিৰ লখৰা ৰোডৰ ব্যস্ত অঞ্চলৰ ৫,০০০ বৰ্গফুটৰ আউটলেটটো বেলতলা আৰু লখৰাৰ মাজৰ অন্যতম প্ৰধান সংযোগস্থলত অৱস্থিত। ভিআইপি ৰোড: চন্দন নগৰস্থিত ৭,৭০০ বৰ্গফুটত বিস্তৃত তিনিমহলীয়া আউটলেটটোৱে গুৱাহাটীৰ ভিআইপি ৰোড, জিএছ ৰোড আৰু পাঞ্জাবাৰী ৰোডৰ সংযোগস্থলত উচ্চ দৃশ্যমানতা লাভ কৰিছে। উদ্বোধনী অফাৰ: ১) নিৰ্বাচিত ইলেক্ট্ৰনিকছত ১৫% ৰেহাই: ২০ জুলাই – ৩ আগষ্ট ২০২৫, ২) নিৰ্বাচিত ইলেক্ট্ৰনিকছত ১২% ৰেহাই: ৪ আগষ্ট – ১৯ আগষ্ট ২০২৫।” দুয়োখন ষ্টৰ—দৈনিক পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈকে খোলা থাকে—গেজেট আৰু সঁজুলিৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞৰ নিৰ্দেশনা আৰু বিক্ৰীৰ পিছৰ সমৰ্থনলৈকে প্ৰযুক্তি প্ৰথম আৰু গ্ৰাহক অনুকূল অভিজ্ঞতা প্ৰদান কৰিবলৈ বিশেষভাৱে সজাই তোলা হৈছে। Share this:FacebookX Related Post navigation জিচিএইচডব্লিউ আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত আয়োজন কৰা হৈছে টিভিএছ মটৰ কোম্পানীয়ে আগবঢ়াইছে ২০২৫ টিভিএছ আপাচি আৰটিআৰ ৩১০, ৰাজপথৰ সৰ্বোত্তম অস্ত্ৰ