এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথি “Exploring Society: India and Beyond, Vol II” প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে পাঠ্যপুথিখনৰ চতুৰ্থ অধ্যায়ত, “The Role of Judiciary in our Society,” চিহ্নিত কৰিছে যে তথাত ‘অনুপযুক্ত বিষয়বস্তু’ আৰু ‘বিচাৰ-বুদ্ধিৰ ভুল’ ধৰা পৰিছে। ফলস্বৰূপে,ৱৰ্তমান বিতৰণ বন্ধ কৰি শিক্ষাবাৰ্ষিক ২০২৬-২৭ৰ বাবে নতুন সংস্কৰণ প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে। এনচিইআৰটিয়ে এই ভুলবিলাকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কৈছে যে তেওঁলোকে ন্যায়পালিকাক সৰ্বদা সন্মান জনাইছে আৰু এই ভুল অনিচ্ছাকৃত আছিল। যথাযথ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই অধ্যায়টো পুনৰ লিখা হ’ব। এনচিইআৰটিয়ে গ্ৰহণ কৰা এই পদক্ষেপে দেশৰ শিক্ষা মহলৰ ভিতৰত নানা আলোচনাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *