বৈশ্বিক ৰাজনীতিৰ জটিল সমীকৰণৰ মাজতো মানৱীয় সংযোগে এতিয়াও বিশ্বক একত্ৰিত কৰি ৰাখিছে। শুকুৰবাৰে সন্ধিয়া ৰাজধানী দিল্লীত আয়োজিত ‘কনচুলাৰ ডে’ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। তেওঁ কয় যে কনচুলাৰ কাম-কাজসমূহ হ’ল কূটনীতিৰ এনে এক নীৰৱ মাধ্যম, যাৰ প্ৰভাৱ কোনো চৰকাৰী ঘোষণাৰ পৰিৱৰ্তে মানুহৰ জীৱনতহে অধিক প্ৰত্যক্ষভাৱে অনুভৱ কৰা যায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি থাৰুৰে কয়, “ভূ-ৰাজনৈতিক উত্তেজনাৰ পৰা জনস্বাস্থ্যৰ সংকটলৈকে, বৰ্তমানৰ সময়ত কনচুলাৰ ব্যৱস্থাৰ পৰিসৰ আৰু সংবেদনশীলতা বৃদ্ধি পাইছে। বিশ্বৰ ৰাজনৈতিক সোঁত যিমানেই অনিশ্চিত নহওক কিয়, কনচুলাৰ সেৱাই এক সুস্থিৰ শক্তি আৰু সেতু হিচাপে ৰাষ্ট্ৰসমূহৰ মাজত সংযোগ অটুট ৰাখে।” তেওঁ পুনৰ কয়, “প্ৰতিটো পাছপ’ৰ্টৰ আঁৰত একোজন ব্যক্তি থাকে আৰু প্ৰতিখন আবেদনৰ আঁৰত থাকে একোটা কাহিনী। কনচুলাৰ সেৱাই কেৱল কাম সহজ নকৰে, বৰঞ্চ দেশৰ সীমাৰ বাহিৰতো এজন নাগৰিকৰ বাবে ৰাষ্ট্ৰৰ ধাৰণাটোক এক মৰ্যাদাপূৰ্ণ উপস্থিতি প্ৰদান কৰে।” বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটিৰ অধ্যক্ষ থাৰুৰে বৰ্তমানৰ পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিৰ উদাহৰণ দি কেনেকৈ বিপদৰ সময়ত নিজ দেশৰ নাগৰিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা বা যাতায়ত সহজ কৰাৰ ক্ষেত্ৰত এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা লয়, সেই কথা উল্লেখ কৰে। দিল্লী আৰু মুম্বাইত কৰ্মৰত সন্মানীয় কনচুলসকলৰ ভূমিকাৰ শলাগ লৈ তেওঁ কয় যে এই কৰ্মীসকলে দেশসমূহৰ মাজত বিশ্বাস আৰু সহযোগিতাৰ এক নতুন বাতাবৰণ গঢ়ি তোলে। Share this:FacebookX Related Post navigation ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন একতা আৰু ভাতৃত্ববোধৰ এনাজৰীঃ এমাহজোৰা উপবাসৰ অন্ত কৰি দেশজুৰি উদযাপিত পবিত্ৰ ঈদ-উল-ফিটৰ