লোকসভাত এতিয়ালৈকে উপাধ্যক্ষ বা ডেপুটি স্পীকাৰ নিৰ্বাচন নকৰাক লৈ সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। সদনত এক গুৰুত্বপূৰ্ণ ভাষণ দি তেওঁ দাবী কৰে যে এজন ডেপুটি স্পীকাৰৰ অনুপস্থিতিয়ে বৰ্তমান সংসদত এক সাংবিধানিক শূন্যতাৰ সৃষ্টি কৰিছে। ভাৰতীয় সংবিধানৰ ৯৩ নং অনুচ্ছেদৰ উদ্ধৃতি দি তেওঁ সোঁৱৰাই দিয়ে যে অধ্যক্ষ আৰু উপাধ্যক্ষ- এই দুই পদ সংসদৰ নিৰপেক্ষতা ৰক্ষাৰ বাবে অতি অপৰিহাৰ্য। গৌৰৱ গগৈৰ যুক্তি অনুসৰি, সংবিধানৰ ৯৬ নং অনুচ্ছেদ অনুযায়ী অধ্যক্ষৰ বিৰুদ্ধে যদিহে পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱ উত্থাপন হয়, তেন্তে তেওঁ নিজেই নিজৰ গোচৰৰ বিচাৰক হ’ব নোৱাৰে। এনে পৰিস্থিতিত সদনৰ নিৰপেক্ষতা বজাই ৰাখিবলৈ এগৰাকী নিৰ্বাচিত উপাধ্যক্ষৰ উপস্থিতি বাধ্যতামূলক। “সংবিধান সন্মত গণতন্ত্ৰত কেৱল ন্যায় হ’লেই নহ’ব, ন্যায় হোৱাটো স্পষ্টকৈ দেখা যাবও লাগিব” বুলি মন্তব্য কৰি তেওঁ বৰ্তমানৰ সংসদীয় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তোলে। সাংসদগৰাকীয়ে লগতে অভিযোগ কৰে যে এগৰাকী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা অধ্যক্ষই মনোনীত কৰা পেনেল চেয়াৰপাৰ্চনে সদন পৰিচালনা কৰাটোৱে ৯৬ নং অনুচ্ছেদৰ প্ৰকৃত উদ্দেশ্যক পন কৰি তুলিছে। তেওঁৰ মতে, সংসদৰ নিৰপেক্ষতাক কেৱল এক প্ৰথা হিচাপে গণ্য কৰিলে গণতন্ত্ৰৰ ক্ষতি হ’ব। স্পীকাৰে যদি নিজৰ বিৰুদ্ধে থকা প্ৰস্তাৱৰ সময়ত আসনত বহিব নোৱাৰে, তেন্তে তেওঁ মনোনীত কৰা ব্যক্তিয়েও সেই আসনত বহাটোৱে সাংবিধানিক সুৰক্ষাক দুৰ্বল কৰে। নিৰ্বাচনৰ আগে আগে লোকসভাত উত্থাপিত এই বিষয়টোৱে এতিয়া তীব্ৰ ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে। বিৰোধী দলসমূহে দীৰ্ঘদিন ধৰি ডেপুটি স্পীকাৰৰ পদটো খালী হৈ থকাক লৈ চৰকাৰক সমালোচনা কৰি আহিছে। গৌৰৱ গগৈৰ এই ভাষ্যই এতিয়া সংসদীয় পৰম্পৰা আৰু সাংবিধানিক বাধ্যবাধকতাৰ মাজৰ বিতৰ্কক পুনৰবাৰ নতুন মাত্ৰা দিছে। Share this:FacebookX Related Post navigation নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনত ব্যাপক ৰদবদল; ১৫ গৰাকী জ্যেষ্ঠ বিষয়াক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ