ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰচেষ্টাত যতি পেলালে ভাৰতীয় জাতীয় কংগ্ৰেছে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আজি এক বিবৃতিত সদৰী কৰে যে এক বলিষ্ঠ বিৰোধী মৰ্চা গঠনৰ বাবে কংগ্ৰেছে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল যদিও মিত্ৰতাৰ বাবে প্ৰয়োজনীয় অনুকূল পৰিৱেশৰ অভাৱত এই প্ৰক্ৰিয়া বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে। অসমৰ ৰাইজৰ প্ৰত্যাশা অনুসৰি এখন ঐক্যবদ্ধ যুঁজৰ বাবে কেইবাবাৰো চেষ্টা চলোৱাৰ পাছতো দুয়োটা দলৰ মাজত আশাপ্ৰদ পৰিস্থিতি সৃষ্টি নহ’ল।

গৌৰৱ গগৈৰ মতে, যিকোনো নিৰ্বাচনী মিত্ৰতাৰ প্ৰাথমিক উদ্দেশ্যই হ’ল জয়ৰ সম্ভাৱনীয়তা থকা আসনসমূহৰ সঠিক মূল্যায়ন কৰা। এই নীতিৰ ওপৰত ভিত্তি কৰিয়েই কংগ্ৰেছে অতি উদাৰ আৰু নমনীয় দৃষ্টিভংগীৰে আসন বুজাবুজিৰ আলোচনা আগবঢ়াই নিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু বিভিন্ন কাৰণত ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৱে বাস্তৱ ৰূপ ল’ব নোৱাৰিলে। যাৰ ফলস্বৰূপে কংগ্ৰেছে এতিয়াৰ বাবে এই আলোচনাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাংসদগৰাকীয়ে লগতে কয় যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে এই বিষয়টো পুনৰ বিবেচনা কৰা হ’ব পাৰে। বৰ্তমানৰ বাবে কংগ্ৰেছে এককভাৱে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত অধিক গুৰুত্ব দিছে। নিৰ্বাচনৰ আগে আগে বিৰোধী শিবিৰৰ এই অনিশ্চয়তাই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

বিশেষকৈ বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিবলৈ যি ঐক্যবদ্ধ মৰ্চাৰ কথা কোৱা হৈছিল, তাৰ মাজতে কংগ্ৰেছৰ এই পিছুৱাই অহাৰ সিদ্ধান্তই মিত্ৰজোঁটৰ সমীকৰণত আউল লগোৱাটো প্ৰায় নিশ্চিত। আগন্তুক দিনত ৰাইজৰ দলে ইয়াৰ প্ৰত্যুত্তৰত কেনে স্থিতি গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়। চৰকাৰ বিৰোধী জনমতক একত্ৰিত কৰাৰ ক্ষেত্ৰত এই মিত্ৰতাৰ বিফলতাক বিৰোধীৰ বাবে এক মোক্ষম আঘাত হিচাপে গণ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *