গানাৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰা বৃহৎ বিজয়ক জনসাধাৰণৰ অটল বিশ্বাসৰ জয় বুলি অভিহিত কৰিছে দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে। শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি, মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত কংগ্ৰেছ দলে ৰাজ্যখনৰ ১১৬ খন পৌৰসভাৰ বেছিভাগতে একক আধিপত্য বিস্তাৰ কৰি চৰকাৰৰ ভেটি অধিক শক্তিশালী কৰিবলৈ সক্ষম হয়। এই নিৰ্বাচনত বি আৰ এছ আৰু বিজেপি দলেও কেইবাখনো পৌৰসভাত নিজৰ উপস্থিতি সাব্যস্ত কৰিছে। যোৱা ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মুঠ ২,৫৮২ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে ১,৩০০ তকৈও অধিক ৱাৰ্ডত জয়লাভ কৰে। ইয়াৰ বিপৰীতে বি আৰ এছে প্ৰায় ৭০০ টা আৰু বিজেপিয়ে প্ৰায় ২৭৫ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। ফলাফল ঘোষণাৰ পাছতে ছ’চিয়েল মিডিয়াযোগে খৰ্গেয়ে তেলেংগানাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কৃতজ্ঞতা জনাই কয় যে এই ফলাফলে চৰকাৰৰ ‘প্ৰজ্বলা তেলেংগানা’ বা জনতাৰ তেলেংগানা গঢ়াৰ সংকল্পক অধিক প্ৰসাৰিত কৰিব। তেওঁ লগতে ৰাজ্যখনৰ ৩.৮ কোটি লোকৰ সামাজিক ন্যায় আৰু অৰ্থনৈতিক সৱলীকৰণৰ প্ৰতি চৰকাৰ দায়বদ্ধ বুলিও উল্লেখ কৰে। নিৰ্বাচন অনুষ্ঠিত হোৱা সাতখন পৌৰ নিগমৰ ভিতৰত কংগ্ৰেছে তিনিখনত স্পষ্ট জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে কৰিম নগৰ আৰু নিজামবাদ পৌৰ নিগমত সংখ্যাগৰিষ্ঠতা লাভ কৰে। কোঠাগুডেম পৌৰ নিগমত কংগ্ৰেছ আৰু চি পি আইৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যায়। ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পাছত এই পৌৰ নিৰ্বাচনৰ ফলাফলক চৰকাৰী আঁচনিসমূহৰ প্ৰতি জনসাধাৰণৰ এক গুৰুত্বপূৰ্ণ জনমত হিচাপে ৰাজনৈতিক বিশেষজ্ঞসকলে অভিহিত কৰিছে। Share this:FacebookX Related Post navigation ভুৱা IAS সজাই সচিবালয়ত হুলস্থূল; বদলিৰ দাবীত প্ৰকৃত বিষয়াক ভেটা ‘মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ’ বুলি চিনাক্ত কৰাত আপত্তি; পৰিচয় সংকটৰ কথা তুলিলে দিগন্ত বিশ্ব শৰ্মাই