দেশৰ সৰ্ববৃহৎ পপ কালচাৰ ফেষ্টিভেল কমিক কন ইণ্ডিয়াই ২২-২৩ নৱেম্বৰত প্ৰথমবাৰৰ বাবে গুৱাহাটী সংস্কৰণৰ জৰিয়তে উত্তৰ-পূবত আত্মপ্ৰকাশ কৰিব বুলি আয়োজকসকলে সদৰি কৰিছে। দুদিনীয়া এই অনুষ্ঠানটোৱে কমিকছ, কচপ্লে, এনিমে, গেমিং আৰু অভিজ্ঞতাভিত্তিক অনুষ্ঠানেৰে উদযাপনৰ সম্ভাৰ লৈ অহাৰ প্ৰতিশ্ৰুতি দিছে, যাৰ ফলত বিশ্বব্যাপী অনুৰাগীৰ অভিজ্ঞতাক অঞ্চলটোৰ অনুৰাগীৰ কাষ চপাই আনিব। এই সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি নডৱিন গেমিঙৰ সহ-প্ৰতিষ্ঠাপক তথা এমডি অক্ষত ৰাথীয়ে কয় যে,” গুৱাহাটী সদায়ে উত্তৰ-পূবৰ সাংস্কৃতিক প্ৰৱেশদ্বাৰ হৈ আহিছে।

এতিয়া মহানগৰখন হৈ পৰিছে এনে এক মঞ্চ য’ত স্থানীয় সৃষ্টিশীলতা আৰু অনুৰাগীয়ে বিশ্বই চাব পৰাকৈ জিলিকি উঠিব পাৰে। অনুৰাগীসকলে এতিয়া সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই; কমিক কন অনুৰাগীৰ ওচৰলৈ আহিব।”  কমিক কন ইণ্ডিয়াৰ চিইঅ’ শ্বেফালী জনছনে উল্লেখ কৰে যে, এই সম্প্ৰসাৰণৰ লক্ষ্য হৈছে এই উৎসৱ প্ৰতিজন অনুৰাগীৰ বাবে সুলভ কৰি তোলা আৰু কচপ্লে, কমিক্স আৰু গেমিঙত স্থানীয় প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন সঠিক মঞ্চ প্ৰদান কৰা। আগোদাৰ নিউ হৰাইজনছ ৰেংকিং অনুসৰি বজাৰৰ দৃষ্টিকোণৰ পৰা গুৱাহাটী মহানগৰখন আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। চহৰখনৰ সমৃদ্ধিশালী যুৱ সংস্কৃতি, বৰ্ধিত কেফে, মনোৰঞ্জন কেন্দ্ৰ আৰু সক্ৰিয় স্থানীয় বজাৰবোৰে সম্প্ৰসাৰিত পদচিহ্নৰ পৰা লাভান্বিত হ’ব বুলি আশা কৰা হৈছে, যিয়ে স্থানীয় বিক্ৰেতা আৰু ব্যৱসায়ীসকলক বিভিন্ন দৰ্শকৰ সৈতে জড়িত হোৱাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিব।

গুৱাহাটী সংস্কৰণে উদীয়মান শিল্পী, চিত্ৰকৰ আৰু গেমাৰসকলৰ বাবে অনন্য লঞ্চপেড হিচাপেও কাম কৰিব, লগতে সকলো বয়সৰ অনুৰাগীসকলৰ বাবে পাৰস্পৰিক অভিজ্ঞতা প্ৰদান কৰিব। এই অনুষ্ঠানৰ টিকটসমূহ এতিয়া ডিষ্ট্ৰিক্ট এপত উপলব্ধ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *