বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে এই যাত্ৰা কৰাৰ সময়তেই আগুৰি ধৰিলে ভাগিনসকলে । মামাক লগ পাবলৈ পুৱাৰে পৰাই অপেক্ষা কৰি আছিল ভাগিনসকলে ।দীৰ্ঘসময় মামাৰ বাবে অপেক্ষা কৰি থকা ভাগিনসকলে চিঞৰি উঠিল ‘ মামা, মামা’ বুলি । মামায়ো ভাগিনৰ মৰম উপেক্ষা কৰিব নোৱাৰি বাহনৰ পৰাই হাত জোকাৰিলে । ভাগিনসকলে বাহনখনৰ ওচৰৰ পৰা মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলালে । তাৰ মাজতেই এজন ভাগিনে ক’লে, “মামা, আপোনাৰ ঘড়ীটো ভাল লাগিছে ।”মামায়ো মৰমৰ ভাগিনক হাতৰ ঘড়ীটো সোলোকাই দিলে উপহাৰ । এই উপহাৰ দি মামাই ক’লে, ‘‘সি ক’লে ঘড়ীটো ভাল লাগিছে, দি দিলো । ঘড়ীটো RADO কোম্পানীৰ । এই ঘড়ীটোৰ মূল্য ১ লাখ ৯৭ হাজাৰ টকা ।’’ Share this:FacebookX Related Post navigation ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল