দেশৰ ৰাজধানীত উত্তৰ-পূবৰ যুৱতীৰে সংঘটিত আপত্তিজনক ঘটনাক লৈ গৰজি উঠিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী! দিল্লীৰ মাজমজিয়াত মণিপুৰ আৰু অসমৰ দুই নাগৰিকৰ ওপৰত চলা বৰ্বৰ নিৰ্যাতনৰ ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। ৰাষ্ট্ৰীয় ৰাজধানীৰ সুৰক্ষিত বুলি ভবা ঠাইতো যে আমাৰ আপোন মানুহখিনি বাৰে বাৰে বৰ্ণবৈষম্যৰ বলি হৈছে, সেই কথাই এতিয়া সকলোৰে মনত তীব্ৰ ক্ষোভ আৰু যন্ত্ৰণাৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এক্সযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “মূল ভাৰতত উত্তৰ-পূবৰ লোকৰ ওপৰত বাৰে বাৰে হোৱা এই আক্ৰমণৰ ঘটনাবোৰে মোক ব্যথিত কৰি তুলিছে। দিল্লীৰ সাকেট আদালতৰ সমীপত আমাৰ দুগৰাকী নাগৰিকৰ ওপৰত যি শাৰীৰিক নিৰ্যাতন চলোৱা হ’ল, সেয়া অতি জঘন্য।” বৰ্ণবৈষম্যক কেতিয়াও এক স্বাভাৱিক ঘটনা হিচাপে গ্ৰহণ কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, “বৰ্ণবৈষম্যমূলক উৎপীড়নক আমি সহ্য কৰা উচিত নহয়। আমি ইয়াৰ বিৰুদ্ধে একগোট হৈ থিয় দিব লাগিব। মই কৰ্তৃপক্ষক এই ঘটনাৰ সৈতে জড়িত দোষীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।” দেওবাৰে সন্ধিয়া দিল্লীৰ এখন উদ্যানত ফুৰিবলৈ যোৱা অৱস্থাতে একাংশ দুৰ্বৃত্তই মণিপুৰী যুৱতীগৰাকী আৰু অসমৰ ট্ৰেন্সজেণ্ডাৰ ব্যক্তিগৰাকীক লক্ষ্য কৰি বৰ্ণবিদ্বেষী মন্তব্য কৰিছিল। ইয়াৰ প্ৰতিবাদ কৰাৰ বাবেই তেওঁলোকক বেল্টেৰে ধাৰাসাৰ প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰা হয়। দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত জনাইছে যে আহত যুৱতীগৰাকীক চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত থকাৰ লগতে অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে। Share this:FacebookX Related Post navigation গেৰুৱা বসন পিন্ধি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ ৰাতুল কলিতা, কংগ্ৰেছত চাঞ্চল্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী