আকৌ বিৰোধী কংগ্ৰেছৰ ভিতৰচ’ৰাত নিজৰ প্ৰভাৱ প্ৰমাণ কৰাত উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ তেওঁৰ দাবী- কংগ্ৰেছৰ ৩০টা সমষ্টিৰ টিকটৰ সিদ্ধান্ত তেওঁ ল’ব। কোনে প্ৰাৰ্থিত্ব লাভ কৰিব আৰু কোনে নকৰে, এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই মন্তব্য কৰাৰ পাছতে পুনৰ এবাৰ খলকনি উঠিছে অসমৰ ৰাজনীতিত। ব্যক্তিগত সাক্ষাৎকাৰটোত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ১২৬ খন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব যদিও ইয়াৰে ৩০ গৰাকীমান প্ৰাৰ্থী হ’ব আচলতে তেওঁৰ অতি ঘনিষ্ঠ। যিবোৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ জিকাৰ সম্ভাৱনা তেনেই কম, তেনে স্থানত নিৰ্দিষ্ট প্ৰাৰ্থীক সমৰ্থন কৰাটো দীৰ্ঘকালীনভাৱে লাভজনক হ’ব বুলি ধাৰণা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে এই পৰিকল্পনা কেৱল বিধানসভা নিৰ্বাচনতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ সংযোগ আছে ভৱিষ্যতৰ ৰাজ্যসভা নিৰ্বাচনৰ সৈতে। ২০৩১ চনলৈকে নিজৰ ৰাজনৈতিক পৰিকল্পনা থকাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে বিধায়কসকলৰ ভোটৰ সহায়ত ৰাজ্যসভাৰ আসন নিশ্চিত কৰিবলৈ বিভিন্ন দলৰ মাজত এনে ৰাজনৈতিক সম্পদ গঢ়ি তোলাটো জৰুৰী। অনুষ্ঠানত ভাষণ দিওঁতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে থকা সম্পৰ্কৰ কথাও স্মৰণ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজহুৱাভাৱে বৰা তেওঁৰ তীব্ৰ সমালোচক হ’লেও দুয়োৰে মাজত এক সুকীয়া ৰাজনৈতিক বুজাবুজি থকা বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। আনকি ভূপেন বৰাই পূৰ্বে দল সলনি কৰাৰ কথাটো তেওঁ আগতীয়াকৈ কৰা ভৱিষ্যতবাণীৰ সৈতে কেনেকৈ মিলি গৈছিল, সেই কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। Share this:FacebookX Related Post navigation ফিউচাৰৰেডী: ২০৩০ চনৰ ভিতৰত ইউৰোপৰ শীৰ্ষ গাড়ী নিৰ্মাতা হোৱাৰ বাবে ৰেনল্টৰ অভিলাষী পৰিকল্পনা অম্বুজা চিমেণ্ট, আদানী ফাউণ্ডেচনে অসমৰ উমৰাংছ’ত গ্ৰাম্য সংযোগৰ উন্নতি সাধন কৰে