আগন্তুক বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলত খেলিমেলি কৰিবলৈ বিৰোধী পক্ষই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ আশ্ৰয় লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ উগ্ৰপন্থীৰ সৈতে গোপন বুজাবুজি কৰা এই গৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ইতিমধ্যে অসমত একাধিক গোচৰ ৰুজু কৰা হৈছে। শেহতীয়াকৈ পৱন খেড়াই মুখ্যমন্ত্ৰীক কাৰাগাৰলৈ পঠিওৱাৰ যি হুংকাৰ দিছিল, তাৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কয়, “যিজন মানুহৰ বিৰুদ্ধে উগ্ৰপন্থীৰ সৈতে যোগাযোগ ৰখাৰ বাবে ইতিমধ্যে ৩-৪ টা গোচৰ চলি আছে, তেওঁহে আচলতে জে’ললৈ যাব লাগিব। পৱন খেড়াৰ অন্তিম ঠিকনা হ’ব অসমৰ কাৰাগাৰ।” মুখ্যমন্ত্ৰীৰ এনে আক্ৰমণাত্মক স্থিতিৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে, নিৰ্বাচনী বতাহ গৰম হোৱাৰ মাজতে আজি ৰাজ্য চৰকাৰে খানাপাৰাত এক বিশাল নিযুক্তি সমাৰোহৰ আয়োজন কৰে। মুখ্যমন্ত্ৰীয়ে ৫,৬৯০ গৰাকী প্ৰাৰ্থীক শিক্ষা আৰু শক্তি বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰি দাবী কৰে যে বিজেপি চৰকাৰে এতিয়ালৈকে ১ লাখ ৬৪ হাজাৰৰো অধিক নিযুক্তি দি নিজৰ প্ৰতিশ্ৰুতি পালন কৰিছে। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু দুৰ্নীতিমুক্ত বুলিও তেওঁ পুনৰ দোহাৰে। এফালে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ দৰে গুৰুতৰ অভিযোগ আৰু আনফালে বিশাল নিযুক্তিৰ খতিয়ানেৰে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বিৰোধীক একপ্ৰকাৰ কোঙা কৰি পেলাব বিচাৰিছে। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগৰ সন্দৰ্ভত পৱন খেড়া বা কংগ্ৰেছ দলৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। Share this:FacebookX Related Post navigation অসমৰ কোনো জিলাতে নাই বিৰোধীৰ অস্তিত্ব! ২০২৬ত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ হুংকাৰ অজন্তা নেওগৰ অহা পাঁচ দিনলৈ ৰাজ্যত হব ধুমুহা বৰষুণ