মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আমেৰিকাত ১ লাখ কোটি ডলাৰ বিনিয়োগৰ দাবীক বিভ্ৰান্তিকৰ আৰু অসত্য বুলি অভিহিত কৰি নাকচ কৰে। আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় যে GauravElizabeth786 নামৰ এটা কথিত একাউণ্ট দেখুৱাই এই অভিযোগ সত্য বুলি প্ৰমাণ কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ নিজৰ উদাহৰণ দি বুজাই দিলে যে আমেৰিকাত যিকোনো ব্যক্তিয়ে মাত্ৰ ১৯৯ মাৰ্কিন ডলাৰত এনে একাউণ্ট খুলিব পাৰে। ড০ শৰ্মাই অভিযোগ কৰে যে বিৰোধীয়ে ৰচনামূলক ডিজিটেল প্ৰমাণ ব্যৱহাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। তেওঁ কয় যে তেওঁলোকৰ এই প্ৰদৰ্শনৰ উদ্দেশ্য আছিল ভুৱা অনলাইন পৰিচয় সৃষ্টি কৰি কেনেকৈ ভুৱা আখ্যান সৃষ্টি কৰিব পাৰি তাক প্ৰদৰ্শন কৰা। Share this:FacebookX Related Post navigation এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ বশিষ্ঠত শুই থকা অৱস্থাত ভাৰাঘৰত মহিলাৰ মৃ*ত্যু ; মৃতদেহ চমজি লবলৈ নাহিল পৰিয়ালৰ কোনো লোক