ব্যতিক্রম গ্ৰুপৰ উদ্যোগত ২৩ এপ্রিলত গুৱাহাটীৰ ভিভান্তাত বিশিষ্ট সাহিত্যিক ড° সীমা কাশ্যপৰ পাঁচখন গ্রন্থৰ উন্মোচন অনুষ্ঠান সফলভাবে সম্পন্ন হয়। সন্ধিয়া ৫টা ৩০ মিনিটৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত সাহিত্যপ্রেমী, সংস্কৃতিপ্রেমী আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এক জীবন্ত পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল সংগীত শিল্পী মনীষা হাজৰিকা, পদ্মশ্রী সূর্যকান্ত হাজৰিকা, অসম বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য প্রফেছৰ ড° দিলীপ নাথ, প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য প্রফেছৰ স্মৃতি কুমাৰ সিংহ, শিক্ষাবিদ পি. এছ, বেড্ডী, অসম সাহিত্য সভাৰ জেনাৰেল সেক্রেটাৰি দেৱজিৎ বৰা, সাহিত্যাচার্য ড° পৰাগকুমাৰ ভট্টাচার্য, অভিনেতা কপিল বৰা, বিশিষ্ট অভিনেত্রী নিশিতা গোস্বামী, যুগশঙ্খৰ সম্পাদক বিকাশ চৰকাৰ, বিশিষ্ট সাহিত্যিক মনিকুন্তলা ভট্টাচার্য, সমাজসেরী অনিমা বৈশ্য, নর্থ গুৱাহাটীৰ মৌজাদাৰ ৰাতুল বৰুৱা, ব্যতিক্রম গ্ৰুপৰ কৰ্ণধাৰ ড° সৌমেন ভাৰতীয়া প্রমুখ। তেওঁলোকৰ সম্মানীয় উপস্থিতিয়ে অনুষ্ঠানটো অধিক গৌৰৱান্বিত কৰে। উন্মোচিত গ্রন্থসমূহ হ’ল- “শূন্যৰ পৰা শিখৰলৈ” (বাংলা অনুবাদ), “বচনা সমগ্র”, “জুবিন গাৰ্গ এক অস্তিত্ব” (হিন্দী অনুবাদ), “মই জুবিন কৈ আছোঁ” (বাংলা অনুবাদ) আৰু “৩০ দিনত সলনি কৰক আপোনাৰ জীবন”। এই গ্রন্থসমূহত লেখিকাৰ জীৱনদর্শন, সংগ্রাম, আত্মবিশ্বাস আৰু প্ৰেৰণাৰ গভীৰ প্রকাশ দেখা যায়। বিশিষ্ট অতিথি সূর্যকান্ত হাজৰিকা কয়, “ড” সীমা কাশ্যপৰ এই পাঁচখন গ্রন্থ কেবল সাহিত্যকর্ম নহয়, বৰং জীৱনৰ গভীৰ অভিজ্ঞতা আৰু আত্মপ্রত্যয়ৰ এক অনন্য দলিল। তেওঁৰ লেখাত থকা ইতিবাচক শক্তি আব্ৰু প্ৰেৰণাই পাঠকসকলক নতুন দিশ প্রদান কৰিব।” মনীষা হাজৰিকা কয়, “ড” সীমা কাশ্যপৰ লেখনী অতি জীবন্ত আৰু বাস্তবধর্মী। তেওঁৰ গ্ৰন্থসমূহে পাঠকৰ মনত গভীৰ ছাপ পেলাব আৰু আত্মঅন্বেষণৰ পথ দেখুৱাব।” ড° দিলীপ নাথ কয়, “এনে সাহিত্যিক আয়োজন সমাজত চিন্তাশীলতা আৰু মূল্যবোধ গড়ি তোলাত গুরুত্বপূর্ণ ভূমিকা পালন কৰে। ড° সীমা কাশ্যপৰ গ্ৰন্থসমূহে এই ক্ষেত্রত বিশেষ অৱদান আগবঢ়াব।” প্ৰফেচাৰ ড° স্মৃতি কুমাৰ সিংহ কয়, “বর্তমান সময়ত এনে অনুপ্ৰেৰণামূলক সাহিত্য অতি প্রয়োজন। এই গ্রন্থসমূহে বিশেষকৈ যুৱ প্রজন্মক ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসেবে উজ্জীবিত কৰিব।” ড° সীমা কাশ্যপ আবেগাপ্লুত হৈ কয়, “এই পাঁচখন গ্রন্থ মোৰ জীৱনৰ দীঘলীয়া সাহিত্যযাত্ৰাৰ এক ফল-সংগ্রাম, অভিজ্ঞতা, অনুভূতি আৰু আত্মবিশ্বাসৰ সংমিশ্রণত গঢ় লৈ উঠা এক অন্তর্মুখী আৰু বহির্মুখী যাত্ৰাৰ প্রতিচ্ছবি। মই প্রতিখন গ্রন্থত মানুহৰ জীৱনৰ বাস্তৱতা, সংকট, আশা আৰু পুনৰুত্থানৰ কাহিনী উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ বিশ্বাস, সাহিত্য কেৱল বিনোদনৰ মাধ্যম নহয়-ই মানুহৰ চিন্তাক জাগ্রত কৰে, মনক দৃঢ় কৰে আৰু জীৱনৰ প্রতি এক ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলে। এই গ্রন্থসমূহৰ জৰিয়তে মই বিশেষকৈ যুৱ প্রজন্মক আত্মবিশ্বাসী, স্বনির্ভৰ আৰু স্বপ্নপূৰণৰ পথত আগবাঢ়িবলৈ অনুপ্রাণিত কৰিব বিচাৰো। পাঠকসকলে যদি এই লেখাসমূহত নিজকে বিচাৰি পায়, জীৱনৰ কোনো মুহূর্তত অলপ শক্তি বা প্ৰেৰণাৰ অনুভৱ কৰে-তেন্তে মোৰ এই প্রচেষ্টা সার্থক বুলি গণ্য কৰিম।” ব্যতিক্ৰম গ্ৰুপৰ কৰ্ণধাৰ ড° সৌমেন ভাৰতীয়া কয়, “ড” সীমা কাশ্যপৰ সাহিত্য সমাজৰ বাস্তৱতা আৰু মানুহৰ অনুভূতিক গভীৰভাৱে স্পর্শ কৰে। তেওঁৰ এই পাঁচখন গ্রন্থ নিশ্চয়েই নতুন প্রজন্মৰ বাবে প্ৰেৰণাৰ উৎস হ’ব। বিশেষকৈ নিজৰ জন্মদিনৰ দৰে গুৰুত্বপূৰ্ণ দিনত তেওঁ ইমান সুন্দৰ আৰু তাৎপর্যপূর্ণ সাহিত্যিক উপহাৰ আগবঢ়ালে-ই সত্যিই প্রশংসনীয়। তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।” অনুষ্ঠানৰ অন্তিম পর্যায়ত এক মনোমোহা মুখামুখি আড্ডাৰ আয়োজন কৰা হয়, য’ত বিশিষ্ট সাহিত্যিক ড” সীমা কাশ্যপ আৰু জনপ্রিয় অভিনেত্রী নিশিতা গোস্বামীয়ে অংশগ্রহণ কৰে। এই আন্তৰিক আলাপচাৰিতাত তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা, শিল্প আৰু সাহিত্যৰ প্ৰতি দৃষ্টিভংগী আৰু সৃষ্টিশীল জীৱনৰ বিভিন্ন দিশ প্রকাশ পায়। এই আড্ডাই উপস্থিত দর্শকসকলক গভীৰভাৱে আকৰ্ষিত কৰি অনুষ্ঠানটোত এক বিশেষ আবেগঘন পৰিৱেশ সৃষ্টি কৰে। অনুষ্ঠানৰ সাংস্কৃতিক পর্বত মনোমোহা পৰিৱেশনা আগবঢ়ায় জয়তী ভট্টাচার্য আৰু সংস্কৃতা মালাকাৰে, যিয়ে দর্শকসকলক মুগ্ধ কৰি তোলে। ইয়াৰ উপৰিও অনুষ্ঠানত পৰম্পৰাগত বিহু নৃত্য আৰু “সংস্কৃতি নৃত্য আৰু সংগীতৰ এটি প্রতিষ্ঠান”-ব উদ্যোগত সত্রীয়া নৃত্য পৰিৱেশনাও অনুষ্ঠিত হয়, যিয়ে সমগ্র আয়োজনটোক অধিক বর্ণাঢ্য আৰু সাংস্কৃতিকভাবে সমৃদ্ধ কৰি তোলে। অনুষ্ঠানৰ এক বিশেষ আকর্ষণ আছিল লেখিকা ড° সীমা কাশ্যপৰ জন্মদিন উদযাপন। আয়োজকসকলৰ আন্তৰিক উদ্যোগত অতি স্নিগ্ধ আৰু বৰ্ণাঢ্য পৰিৱেশত এই মুহূৰ্তটো উদযাপন কৰা হয়। কেক কটা, শুভেচ্ছা বিনিময় আৰু উপস্থিত অতিথিসকলৰ উষ্ণ অভিনন্দনত অনুষ্ঠানস্থল এক আবেগঘন আৰু আনন্দমুখৰ পৰিৱেশত ভবি উঠে। এই অনন্য আয়োজন কেরল সাহিত্যিক অনুষ্ঠানকেই নহয়, বৰং এক আন্তৰিক পাৰিবাৰিক পৰিৱেশ সৃষ্টি কৰি উপস্থিত সকলোৰে মনত বিশেষ আনন্দ আৰু স্মৃতিব ছাপ এৰি যায়। Share this:FacebookX Related Post navigation গড্ৰেজ ইণ্ডাষ্ট্ৰীজে মুকলি কৰিলে নতুন উদ্দেশ্য আৰু ব্ৰেণ্ড পৰিচয়; ২০৩১ৰ ভিতৰত ৫,০০,০০০ কোটি টকাৰ উচ্চাকাংক্ষা নিৰ্ধাৰণ ভোডাফোন আইডিয়াই একেৰাহে দ্বিতীয় মাহৰ বাবে নেট গ্ৰাহক সংযোজন কৰিবলৈ সক্ষম হৈছে