স্নায়ুৰোগৰ বিভিন্ন চিকিৎসাৰ বাবে আজি জিএনআৰচি দিছপুৰ শাখাত বটুলিনাম টক্সিন ক্লিনিকৰ উন্মোচন কৰা হয়। এই বটুলিনাম টক্সিন স্নায়ুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। জিএনআৰচি দিছপুৰ শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নৱজ্যোতি বৰকটকীৰ নেতৃত্বত গঠিত বটুলিনাম টক্সিন ক্লিনিকৰ সহযোগীসকল হ’ল- স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপজ্যোতি দাস আৰু ডাঃ আলফবিদ ছাহিদ আলী। জিএনআৰচি দিছপুৰৰ প্রেক্ষাগৃহত আয়োজিত সংবাদ মেলখনত জিএনআৰচি হাস্পতালৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

বটুলিনাম টক্সিন কি:

ক্লাষ্টডিয়াম বটুলিনাম বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হোবা এটা নিউব’ টক্সিক প্র’টিন হ’ল বটুলিনাম টক্সিন। ইয়াব নিজস্ব রূপত ই আটাইতকৈ বিষাক্ত পদার্থসমূহৰ ভিতৰত অন্যতম যদিও নিয়ন্ত্রিত চিকিৎসাৰ মাত্রাত ই বিভিন্ন স্নায়ুজনিত সমস্যাৰ বাবে সমগ্র বিশ্বতে নিৰাপদ, ফলপ্রসূ আৰু বহুলভাবে ব্যবহৃত।

বটুলিনাম টক্সিনৰ ব্যৱহাৰ চিকিৎসা সেবাত বিভিন্ন ধৰণে হয়, যেনে-

১) স্ট্র’ক হোৱাৰ পিছত বা মূৰত আঘাত পোৱাৰ পিছত নিয়ন্ত্রণহীন মাংসপেশীর জঠবতা আৰু স্পাজম

নিয়ন্ত্রণ

২) ডিঙিৰ পেশীৰ সমস্যাসমূহৰ বাবে মুৰৰ অস্বাভাবিক অবস্থানৰ চিকিৎসা

৩) দীঘলীয়া মাইগ্রেনৰ ক্ষেত্ৰত

৪) চলন-ফুৰনৰ অসুবিধা দুৰীকৰণত

৫) চকুৰ পেশীৰ অবস্থা, যেনে- Strabismus and Blepharospasm আদি চিকিৎসাৰ বাবে

বিশ্বজুৰি কার্যকৰী হিচাপে পৰিচিত ‘বটুলিনাম টক্সিন’ অস্বাভাবিক মাংসপেশীৰ সংকোচন সৃষ্টি কৰা স্নায়ুৰ সংকেতসমূহক বাধাপ্রদান কৰাৰ ফলত শৰীৰৰ বিষ, জঠবতা আৰু অনিচ্ছাকৃত গতিৰ পৰা পৰিত্ৰাণ পাব পাৰি।

সংবাদমেলখনত ডাঃ নৱজ্যোতি বৰকটকীয়ে জনায় যে স্নায়ুগত সমস্যাত ভোগা ৰোগীসকলৰ বাবে বটুলিনাম টক্সিনৰ চিকিৎসাসমূহ বৈজ্ঞানিকভাবে প্রমাণিত নিৰাপদ চিকিৎসা ব্যবস্থা। বহু ৰোগীয়ে ইয়াব চিকিৎসা লাভ কৰি চলাচল আৰু সামগ্রিক জীবনশৈলীৰ মান উন্নত কবি এক আৰামদায়ক জীৱন যাপন কৰিব পাৰে। এনে সুবিধাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ বাবে বিশ্বমানৰ যত্ন আৰু উন্নত চিকিৎসা প্রযুক্তিৰ প্রতি জিএনআৰচি হাস্পতাল গোটৰ দায়বদ্ধতা প্রতিফলিত হৈছে। এই নতুন সেৱাৰ জৰিয়তে জিএনআৰচি হাস্পতালে নিজৰ লক্ষা (সার্বজনীন স্বাস্থ্য অভিযান)ব প্রতি পুনৰ এক দৃঢ় পদক্ষেপ ল’লে।

Leave a Reply

Your email address will not be published. Required fields are marked *