আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই আজি প্ৰথমখন প্ৰাৰ্থী তালিকা মুকলি কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতেই ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰত ৮৮ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে।

এই তালিকাত বিশেষভাৱে চৰ্চা লাভ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈৰ নামে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ জালুকবাৰী সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে, শেহতীয়াকৈ গেৰুৱা শিবিৰত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে দলে।

অভিজ্ঞতা আৰু নতুনত্বৰ মাজত সন্তুলন ৰাখি প্ৰস্তুত কৰা এই তালিকাত বহুকেইগৰাকী বৰ্তমানৰ বিধায়কক পুনৰ সুযোগ প্ৰদান কৰা হৈছে। ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ-সৰভোগ, ভৱেশ কলিতাই ৰঙিয়া আৰু জয়ন্ত মল্লবৰুৱাই নলবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। সেইদৰে নিউ গুৱাহাটীৰ পৰা দিপ্লু ৰঞ্জন শৰ্মা আৰু গুৱাহাটী চেণ্ট্ৰেলৰ পৰা বিজয় কুমাৰ গুপ্তাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

তালিকাত জনজাতীয় আৰু সংৰক্ষিত সমষ্টিসমূহৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। গোৱালপাৰাত পবিত্ৰ ৰাভা, দুধনৈৰ পৰা টাংকেশ্বৰ ৰাভা আৰু বকো-ছয়গাঁৱৰ পৰা ৰাজু মেচক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

Leave a Reply

Your email address will not be published. Required fields are marked *