বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ ল’বলৈ শিক্ষাৰ্থীক হেঁচা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। দলীয় কাৰ্যসূচীত শিক্ষাৰ্থীৰ অংশগ্ৰহণ বাধ্যতামূলক কৰাক লৈ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে। শিক্ষা অনুষ্ঠানৰ মজিয়াক ৰাজনৈতিক পৰীক্ষাগাৰলৈ ৰূপান্তৰিত কৰা কাৰ্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোলাঘাটৰ সতী সাধনী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমাৱেশলৈ জোৰকৈ নিয়াৰ অভিযোগ উত্থাপন কৰি আছুৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যমত কয়, “জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ এক দলীয় কাৰ্যসূচী। কোনো ৰাজনৈতিক দলৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোনোৱে শিক্ষাৰ্থীক বাধ্য কৰিব নোৱাৰে।” শিক্ষকৰ মুখা পিন্ধি একাংশ লোকে বিজেপিৰ গুড বুকত নাম ভৰ্তি কৰিবলৈ শিক্ষাৰ্থীক মানসিক হেঁচা দিয়া বুলি দাবী কৰি তেওঁ লগতে কয়, “যিসকল ভণ্ডই ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক কামত ব্যৱহাৰ কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগে। শিক্ষা অনুষ্ঠানৰ দায়িত্বত থকা ব্যক্তিসকল ৰাজনৈতিক আদৰ্শৰ দ্বাৰা পৰিচালিত হোৱাটো শৈক্ষিক অন্যায়ৰ বাহিৰে আন একো নহয়।” চৰকাৰে এনে কাৰ্যক পৃষ্ঠপোষকতা কৰা বুলি অভিযোগ উত্থাপন কৰি আছুৰ সভাপতিগৰাকীয়ে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষৰ উদহৰণ দাঙি ধৰে। তেওঁৰ মতে, জানুৱাৰী মাহতে বিজেপিত যোগদান কৰাৰ পাছতো এগৰাকী ব্যক্তিয়ে কেনেকৈ অধ্যক্ষৰ আসনত বহি থাকিবলৈ সক্ষম হৈছে, সেয়া এক ডাঙৰ প্ৰশ্ন। আনহাতে, গণতান্ত্ৰিক আন্দোলনত অংশ লোৱাৰ বাবে ভৱানীপুৰ কলেজৰ অধ্যক্ষক নিলম্বন কৰা চৰকাৰখনে নিজৰ দলৰ স্বাৰ্থত শিক্ষা অনুষ্ঠানক ব্যৱহাৰ কৰাসকলক ৰক্ষণাবেক্ষণ দিয়া বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে, বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই সোমবাৰে অষ্টম দিনত ভৰি দিছে। যোৱা ৭ মাৰ্চত গোলাঘাটত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশ ল’বলৈ শিক্ষাৰ্থীক তিনিদিনৰ উপস্থিতি কৰ্তন কৰাৰ ভাবুকি দি শাৰী পাতিবলৈ বাধ্য কৰোৱাৰ স্ক্ৰীণশ্বট আৰু বাতৰি ভাইৰেল হোৱাৰ পাছতে ছাত্ৰ সন্থাই এইদৰে সৰৱ ভূমিকা গ্ৰহণ কৰিছে। Share this:FacebookX Related Post navigation সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য বিশ্বনাথত চৰকাৰী ভূমিত উচ্ছেদ অভিযান; চতিয়াত ৭৫ বিঘা ভূমি বেদখলমুক্ত প্ৰশাসনৰ