আগন্তুক ৰাজনৈতিক ৰণৰ বাবে ককালত টঙালি বান্ধছে ভাৰতীয় জনতা পাৰ্টিয়ে। ১৯ মাৰ্চত দলটোৱে আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰি নিৰ্বাচনী যুঁজৰ ৰণশিঙা বজাই দিলে। উত্তৰ-পূৰ্বাঞ্চলৰ দুই গুৰুত্বপূৰ্ণ ৰাজ্য নাগালেণ্ড আৰু ত্ৰিপুৰাৰ খালী হৈ থকা আসন দুখনৰ বাবে দলটোৱে ইতিমধ্যে প্ৰাৰ্থী চূড়ান্ত কৰিছে।

নাগালেণ্ডৰ ২৮-কৰিদাং (জনজাতি) সমষ্টিৰ পৰা দাওচিয়াৰ আই ইমচেনক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে, ত্ৰিপুৰাৰ ৫৬-ধৰ্মনগৰ সমষ্টিৰ পৰা যুঁজত নামিব জহৰ চক্ৰৱৰ্তী। দুয়োটা সমষ্টিৰ বিধায়ক ইমকং এল ইমচেন আৰু বিশ্ব বন্ধু সেনৰ মৃত্যুৰ পাছতে আসন দুখন খালী হৈ পৰিছিল।

দেশৰ মুঠ ৬খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা এই উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে ইতিমধ্যে সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি ৯ এপ্ৰিলত নাগালেণ্ড, ত্ৰিপুৰা, গোৱা আৰু কৰ্ণাটকৰ সমষ্টিসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে গোৱাৰ পণ্ডা সমষ্টিৰ বাবে ৰিতেশ ৰবি নায়েক আৰু কৰ্ণাটকৰ বাবে বীৰভদ্ৰায় চৰণতিমথ তথা শ্ৰীনিবাস টি দাসকৰিয়াপ্পাৰ নাম ঘোষণা কৰে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই উপ-নিৰ্বাচনৰ ভোট গণনা ৪ মে’ত কৰা হ’ব। ১৬ মাৰ্চত প্ৰথম পৰ্যায়ৰ জাননী জাৰি কৰাৰ পাছত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৩ মাৰ্চ ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰক্ৰিয়া ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে।

Leave a Reply

Your email address will not be published. Required fields are marked *