শীঘ্ৰেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ইয়াক লৈ ইতিমধ্যে সময়সূচী ঘোষণা কৰা হৈছে। হ’বলগীয়া নিৰ্বাচনক লৈ ১৯ জানুৱাৰীত মনোনয়ন দাখিল কৰা হ’ব, আৰু ২০ জানুৱাৰীত ঘোষণা কৰা হ’ব নতুন সভাপতি।প্ৰকাশিত সূচী অনুসৰি, ১৯ জানুৱাৰীত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হ’ব আৰু ২০ জানুৱাৰীত ঘোষণা হ’ব নতুন সভাপতিৰ নাম। সূত্ৰ অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন বিনা প্ৰতিদ্বন্দ্বিতাৰে এই নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে। আন কোনো নেতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা ক্ষীণ।
সূত্ৰ অনুসৰি, বিজেপিৰ বৰ্তমানৰ সভাপতি জেপি নাড্ডাৰ ঠাই ল’ব পাৰে নীতিন নবীনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে নবীনকে সমৰ্থন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *