নৱবৰ্ষৰ উলহ-মালহ আৰু জন্মদিনৰ ব্যাপক প্ৰস্তুতিৰ মাজতে পঞ্জাবৰ জালন্ধৰত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্ঘটনা। ঘৰৰ বাথৰুমত থকা গেছ গিজাৰৰ পৰা নিৰ্গত ধোঁৱাৰ ফলত উশাহ বন্ধ হৈ কৰুণ মৃত্যু ঘটে শিৱসেনাৰ উত্তৰ ভাৰতৰ মুৰব্বী দীপক কম্বোজৰ ২২ বছৰীয়া কন্যাৰ। মৃত যুৱতীগৰাকীক মুনমুন চিতৱন বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে, পহিলা জানুৱাৰীৰ দিনাই মুনমুনৰ ওপজা দিন আছিল আৰু সেই উপলক্ষে পৰিয়ালটোৱে এক উৎসৱমুখৰ পৰিৱেশৰ আয়োজন কৰিছিল। প্ৰাৰম্ভিক তথ্য অনুসৰি, জন্মদিনৰ অনুষ্ঠানৰ বাবে সাজু হ’বলৈ মুনমুন বাথৰুমত সোমাইছিল। কিন্তু বাথৰুমৰ ভিতৰত থকা গেছ গিজাৰৰ পৰা হঠাতে গেছ নিৰ্গত হোৱাত বন্ধ কোঠাটো ধোঁৱাৰে ভৰি পৰে আৰু উশাহ ল’বলৈ কষ্ট হোৱাত যুৱতীগৰাকী অচেতন হৈ পৰে। বহু সময়লৈকে তেওঁ ওলাই নহাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে আৰু দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি মুনমুনক মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে। পৰিয়ালে যুৱতীগৰাকীক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। চিকিৎসাকৰ্মীৰ প্ৰাথমিক ধাৰণা অনুসৰি গেছৰ বাবে উশাহ বন্ধ হোৱাটোৱেই মৃত্যুৰ মূল কাৰণ। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। গিজাৰটোত কিবা কাৰিকৰী বিজুতি আছিল নেকি অথবা বাথৰুমত পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা নাছিল নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইফালে, বিয়লি ভাগত আত্মীয় আৰু বন্ধুবৰ্গৰ উপস্থিতিত জন্মদিনৰ কেক কটাৰ পৰিকল্পনা কৰা দীপক কম্বোজৰ পৰিয়ালটোত এতিয়া শোকৰ ছাঁ পৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ আৱেগৰ সৃষ্টি কৰিছে। আৰক্ষীৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন পালেহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। Share this:FacebookX Related Post navigation অপূৰ্ণ হৈ ৰ’ল এন ডি এৰ সপোন! বাথৰুমৰ গেছ গিজাৰে প্ৰাণ কাঢ়িলে ছাত্ৰৰ ৰেন’ল্ট ইণ্ডিয়াই ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয়াৰ্ধত লাভ কৰিছে শক্তিশালী গতি; ডিচেম্বৰৰ বছৰি বিক্ৰী বৃদ্ধি ৩৩.৪%