ছত্তীছগঢ় ৰাজ্যৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাজধানী ৰায়পুৰৰ মহন্ত ঘাচীদাস সংগ্ৰহালয়ৰ মঞ্চত ৰাজ্যখনৰ ৰাজ্যপাল তথা অসম সন্তান ৰমেন ডেকাৰ নিমন্ত্ৰণত ছত্তীছগঢ় ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ বৃহত্তৰ উজানবজাৰ ভাওনা শিল্পী সমাজৰ এটি ৪১ জনীয়া দলে “সীতাৰ পাতাল গমন” ভাওনা খনি পৰিবেশন কৰিবলৈ ইতিমধ্যে ৰায়পুৰত উপস্থিত হৈছে।

২৩ ছেপ্টেম্বৰৰ দিনা সন্ধিয়া ৭ বজাত সমাজৰ সভাপতি কৈলাশ শৰ্মাৰ নেতৃত্বত যোৱা দলটিৰ প্ৰতিগৰাকী ভাৱৰীয়াক ৰাজভৱনৰ দৰবাৰ হলত ৰাজ্যপাল ৰমেন ডেকাই আতিথ্য দিয়াৰ লগতে প্ৰতিগৰাকী সদস্য-সদস্যালৈ একো একোটি স্মাৰক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জনতাৰ হৃদয়ৰ শিল্পী, সদ্য প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে বিদেহী আত্মাৰ সদগতিৰ বাবে কামনা কৰা হয়।

উল্লেখ্য যে জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱা, গায়ত্ৰী ডেকাকে ধৰি দলটোত মঞ্চ আৰু টেলিভিছনত অভিনয় কৰা কেবাজনো শিল্পীও আছে। আনহাতে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াও দলটোৰ সৈতে যোৱাৰ কথা আছিল যদিও জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যাব নোৱাৰাত শেষ মূহুৰ্তত তেওঁৰ স্থানত অভিনেত্ৰী ত্ৰিদিশা বৰঠাকুৰ যাবলগীয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *