বিশ্বাসঘাতকতা আৰু পিছফালৰ পৰা ডেগাৰ মৰা নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেজত আছে। ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। খোৱাঙত এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ গগৈয়ে কয় যে যিমানবোৰ ৰাজনৈতিক গুৰু আছিল, মুখ্যমন্ত্ৰীয়ে সকলোকে প্ৰতাৰণা কৰিছে। ভৃগু ফুকনৰ পৰা আৰম্ভ কৰি তৰুণ গগৈলৈকে আৰু শেহতীয়াকৈ ৰাম মাধৱকো তেওঁ ‘ডেগাৰ’ মৰা বুলি কটাক্ষ কৰে অজাপৰ সভাপতিগৰাকীয়ে। মধ্য গুৱাহাটী সমষ্টিৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা ব্যক্তিগত আক্ৰমণৰ প্ৰত্যুত্তৰ দি গগৈয়ে কয়, “লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা এম বি এ কৰি অহা এগৰাকী উচ্চ শিক্ষিত খিলঞ্জীয়া প্ৰাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ এতিয়া মূৰৰ কামোৰণি উঠিছে। তেওঁক আচলতে পদলেহনকাৰী মানুহহে লাগে, যি তেওঁৰ আঙুলিৰ ঠাৰত উঠ-বহ কৰিব। কিন্তু এইখন গণতন্ত্ৰ, ইয়াত প্ৰত্যেকৰে মৰ্যাদা আৰু নিজস্বতা আছে।” নিৰ্বাচনী মঞ্চৰ পৰাই গুৱাহাটীৰ জ্বলন্ত সমস্যাসমূহ উত্থাপন কৰি নেতাগৰাকীয়ে চৰকাৰক প্ৰশ্ন কৰে। তেওঁ কয়, “আজি কৃত্ৰিম বানপানী কিয় নিয়ন্ত্ৰণ হোৱা নাই? যানজঁটৰ সমস্যা কিয় সমাধান নহয়? যেতিয়াই জনসাধাৰণে এনে মৌলিক প্ৰশ্ন সোধে, তেতিয়াই চৰকাৰে হিন্দু-মুছলমান আৰু খাদ্যৰ প্ৰসংগ টানি আনে।” মুখ্যমন্ত্ৰীয়ে এজন বহিৰাগত বণিয়াক প্ৰাৰ্থিত্ব দি এতিয়া খিলঞ্জীয়াৰ বিৰুদ্ধে বিষোদগাৰ কৰিছে বুলিও তেওঁ অভিযোগ তোলে। ইফালে, জুবিন গাৰ্গৰ প্ৰসংগ উত্থাপন কৰি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এক গুৰুতর অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “জুবিন দাৰ নশ্বৰ দেহ আনিবলৈ যোৱা চাৰ্টাৰ্ড ফ্লাইটখন ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে কিয় পিতৃপক্ষৰ পূজা কৰিবলৈ ডেৰাডুনলৈ গৈছিল? ষ্টেডিয়ামৰ মাজত ৰখাৰ পৰিৱৰ্তে কিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ কাৰ পাৰ্কিঙত ৰখা হৈছিল? সেই অন্যায়ৰ বিৰুদ্ধে মই আজীৱন মাত মাতি যাম।” উল্লেখ্য যে ইয়াৰ পূৰ্বে খোৱাঙৰ এক নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কুংকি চৌধুৰীৰ মাতৃয়ে গো-মাংস ভক্ষণ কৰি সনাতনী পৰম্পৰাক অপমান কৰা বুলি অভিযোগ তুলিছিল। তাৰেই প্ৰত্যুত্তৰ দি গগৈয়ে স্পষ্ট কৰি দিয়ে যে মানুহে কি খাব বা কি ধৰ্ম ল’ব সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। নিৰ্বাচনৰ সময়ত এনে ব্যক্তিগত আক্ৰমণে এতিয়া মধ্য গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation মিঞা জীয়াই থকালৈকে জীয়াই থাকিব পৃথিৱীঃ মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাক ওৱেইছিৰ প্ৰত্যাহ্বান মাজ আকাশত দেৱদূতৰ ৰূপত মণিপুৰী চিকিৎসক; টকিঅ’-দিল্লী বিমানত ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ