হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ শক্তিৰ চাহিদা বৃদ্ধিৰ মাজতে দেশজুৰি ইন্ধন বিতৰণ নেটৱৰ্কৰ পৰিসৰ আৰু শক্তিক উজ্জ্বল কৰি তুলিছে আৰু ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিলৰ ভিতৰত সমগ্ৰ ভাৰতত ৩২৩ লাখতকৈ অধিক এলপিজি চিলিণ্ডাৰ যোগান ধৰিছে। কোম্পানীটোৱে কয় যে, এলপিজি বিতৰণ ব্যৱস্থাটোৱে চহৰ, নগৰ আৰু দূৰৱৰ্তী অঞ্চলসমূহত মসৃণভাৱে কাম কৰি আছে, যি শক্তিশালী লজিষ্টিক নেটৱৰ্কৰ দ্বাৰা সমৰ্থিত। এই সময়ছোৱাত এইচপিচিএলে কেৱল ২৬ এপ্ৰিলত ৪০৩খন টেংকাৰকে ধৰি ইন্ধন সামগ্ৰী কঢ়িয়াই অনা ১,৮৬,৬৪৪খনতকৈও অধিক টেংকাৰ প্ৰেৰণ কৰিছিল, যাতে সমগ্ৰ যোগান শৃংখলত নিৰৱচ্ছিন্নভাৱে পুনৰ ইন্ধন যোগান নিশ্চিত কৰিব পৰা যায়। এইচপিচিএলে ক্ষুদ্ৰ এলপিজি চিলিণ্ডাৰৰ চাহিদা বৃদ্ধি পোৱাৰ কথাও প্ৰকাশ কৰিছে। কোম্পানীটোৱে ৫ কেজিৰ ৬.৮৪ লাখতকৈ অধিক ফ্ৰী ট্ৰেড এলপিজি চিলিণ্ডাৰ আৰু ২ কেজিৰ ২৬ হাজাৰতকৈ অধিক চিলিণ্ডাৰ যোগান ধৰিছিল, যিয়ে প্ৰব্ৰজিত শ্ৰমিক, ক্ষুদ্ৰ বিক্ৰেতা আৰু সুলভ শক্তিৰ সবিকল্প বিচৰা পৰিয়ালসমূহক ইন্ধন যোগান ধৰিছিল। কোম্পানীটোৰ মতে, এতিয়া ৯৯.৫ শতাংশ এলপিজি বুকিং ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে কৰা হৈছে, যিয়ে বাস্তৱ সময়ত প্ৰচেছিং চিষ্টেমৰ জৰিয়তে আবণ্টন, ৰুটিং আৰু সময়মতে ডেলিভাৰী উন্নত কৰাত সহায় কৰিছে। এইচপিচিএলে স্বচ্ছতা আৰু কাৰ্যকৰী অনুশাসন বজাই ৰাখিবলৈ ১৪ মাৰ্চৰ পৰা ২৬ এপ্ৰিলৰ ভিতৰত ৬,০২৬ বাৰ পৰিদৰ্শন চলাইছিল। কোম্পানীটোৱে ১৬৩গৰাকী বিতৰকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল, ৩৪গৰাকী বিতৰকক নিলম্বিত কৰিছিল, ৬৬৪ বাৰ অভিযান চলাইছিল, ৪৪টা গোচৰ পঞ্জীয়ন কৰিছিল আৰু ৪,১৫৫ টা এলপিজি চিলিণ্ডাৰ জব্দ কৰিছিল। গুৱাহাটী মহানগৰীৰ এলপিজি বিতৰকে কয় যে স্থিৰ যোগান আৰু দ্ৰুত ডিজিটেল বুকিং প্ৰণালীয়ে পৰিয়াল আৰু বাণিজ্যিক ব্যৱহাৰকাৰীসকলৰ বাবে নিৰৱিচ্ছিন্ন চিলিণ্ডাৰৰ উপলব্ধতা নিশ্চিত কৰাত সহায় কৰিছে। বজাৰ পৰ্যবেক্ষকসকলে উল্লেখ কৰিছে যে চহৰখনত বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায় আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ মাজত ক্ষুদ্ৰ এলপিজি চিলিণ্ডাৰৰ চাহিদাও বৃদ্ধি পাইছে। এইচপিচিএলে কয় যে নিজৰ সমগ্ৰ নেটৱৰ্কত এলপিজিৰ যোগান স্থিৰ হৈ আছে আৰু সকলো ব্যৱহাৰকাৰীৰ বাবে মসৃণ বিতৰণ নিশ্চিত কৰিবলৈ গ্ৰাহকসকলক অপ্ৰয়োজনীয় ষ্টকিং পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। Share this:FacebookX Related Post navigation ৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা গড্ৰেজৰ ফেচ ৰিকগনিচন লকাৰ আৰু আইঅ’টি-সক্ষম ডিজিটেল লক সেৱাৰ উন্মোচন