গুৱাহাটীৰ বেচৰকাৰী সামাজিক অনুষ্ঠান “বন্ধু-91″ৰ কেইগৰাকীমান উৎসাহী যুৱ সদস্যৰ উদ্যোগত মিৰ্জা অঞ্চলৰ সোণতলা গাঁৱত অৱস্থিত “দ্বীপশিখা ফাউণ্ডেচন”ত থকা কেবাগৰাকীও কৰ্কত ৰোগীৰ লগত বন্ধুত্বৰ হাত আগবঢ়াই আৰু তেখেতসকলৰ লগত মত বিনিময় কৰাৰ অন্তত সকলোলৈ নানা বিধ ফলাহাৰ আগবঢ়াই। বন্ধু-91ৰ সম্পাদক বিপুল মজুমদাৰে প্ৰেৰণ কৰা এটি সংবাদত জানিবলৈ দিয়ে যে “বন্ধু-91″ৰ তৰফাৰ পৰা বিগত দিনত সমাজৰ উন্নয়নমূলক এনে বহু কাম কৰি অহা হৈছে যদিও আজিৰ এই কাৰ্যসূচী আছিল অন্যতম। এই কাৰ্যসূচীৰ মূলতঃ উদ্যোগক্তা বন্ধু-91ৰ অন্যতম সদস্য নয়ন কলিতা আৰু তেখেতৰ পুত্ৰ। আনহাতে, এই কাৰ্যসূচীত অতি উৎসাহেৰে বন্ধু-91ৰ লগত সহযোগ কৰি সোণতলাৰ দ্বীপশিখা ফাউণ্ডেচনত উপস্থিত থাকে দ্বীপশিখা ফাউণ্ডেচনৰ অবৈতনিক সম্পাদক ডঃ মৃন্ময়ী বৰুৱাই। Share this:FacebookX Related Post navigation ভাৰতত চৰকাৰী তথ্যতকৈ ক’ভিড-১৯ত ৮ গুণ অধিক লোকৰ ঘটিছিল মৃত্যু স্বাস্থ্যৰ বাবে হানিকাৰক পেৰাচিটামল, কেলচিয়াম আৰু ভিটামিন ডি টেবলেট