দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী যুঁজৰ দিন দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেষ কুমাৰে সংবাদমেলযোগে সদৰী কৰা অনুসৰি, অসমত অহা ৯ এপ্ৰিলত এটা পৰ্যায়তে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অসমৰ লগতে কেৰালাম আৰু পুডুচেৰীতো একেটা দিনতে ভোটগ্ৰহণ সম্পন্ন হ’ব আৰু আটাইকেইখন ৰাজ্যৰ ফলাফল অহা ৪ মে’ত ঘোষণা কৰা হ’ব। নিৰ্বাচনৰ দিন ঘোষণা কৰি মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে জনায় যে পশ্চিমবঙ্গত দুটা পৰ্যায়ত ক্ৰমে ২৩ আৰু ২৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে তামিলনাডুত অহা ২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ফলাফল মে’ মাহৰ ৪ তাৰিখে প্ৰকাশ পাব। উল্লেখ্য যে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ১৭.৪ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ২.১৯ লাখ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ লগতে ২৫ লাখ নিৰ্বাচনী বিষয়া নিয়োজিত কৰা হ’ব। নিৰ্বাচনী স্বচ্ছতা নিশ্চিত কৰিবলৈ আয়োগে এইবাৰ ৩০ টাতকৈও অধিক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ম’বাইল ৰখাৰ ব্যৱস্থা, ই ভি এমত প্ৰাৰ্থীৰ ৰঙীন ফটো আৰু প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১,২০০ ভোটাৰৰ উপস্থিতি নিশ্চিত কৰাৰ দৰে সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰিও সকলো প্ৰয়োজনীয় তথ্য লাভৰ বাবে আয়োগে ‘ECINET’ নামৰ এটা নতুন ম’বাইল এপ্লিকেচনো মুকলি কৰিছে। ইফালে বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ মহাৰাষ্ট্ৰৰ বাৰামতীসহ দেশৰ ছয়খন ৰাজ্যৰ আঠখন আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ জানুৱাৰী মাহত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হোৱাৰ পাছত খালী হোৱা বাৰামতী সমষ্টিটোত এই উপ-নিৰ্বাচন ঘোষণা কৰা হৈছে। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে এতিয়া আটাইকেইখন ৰাজ্যতে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিছে। Share this:FacebookX Related Post navigation অসম নিৰ্বাচনী সমৰত আপৰ প্ৰথম প্ৰাৰ্থী তালিকাত ১৪ জনৰ নাম