ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও ৮ মাৰ্চত গুৱাহাটীৰ পানবজাৰস্থিত ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰ্ছৰ সভাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় নাৰী দিৱসৰ তাৎপৰ্য দাঙি ধৰে ৰা সংস্থাৰ সভানেত্ৰী আৰু নীপকোৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক মৃদুলা দাসে । সদস্যা সকলে পৰিবেশন কৰা এক সমাবেত সঙ্গীতৰ পাছত অসমত অভিযান্ত্ৰিকৰ স্নাতক পাঠ্যক্ৰমৰ বাটকটীয়া কেইগৰাকীমান মহিলা জ্যেষ্ঠ অভিযন্তা ক্ৰমে সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাৰ উপৰিও বন্দিতা ফুকন , নয়ন ভাণ্ডাৰী শৰ্মা , ৰেখা মজুমদাৰ , লাবণ্য পদ্মপতি বৰুৱা , মৃদুলা দাস আৰু পুতুলী শইকীয়া বৰুৱাক সংস্থাৰ সম্পাদিকা অন্তৰা বৰুৱাই সংস্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনায় । অনুষ্ঠানত গীতিমালা বৈশ্যই এটি স্বৰচিত কবিতা পাঠ কৰাৰ লগতে গীতাঞ্জলি কাকতি , বিজুলী গোস্বামী, পদুমী শৰ্মা আৰু নমিতা শৰ্মাই গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইয়াৰ উপৰিও উপস্থিত সদস্যা সকলৰ মাজত বিভিন্ন খেল ধেমালিৰো আয়োজন কৰা হয়। Share this:FacebookX Related Post navigation অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ সদন উত্তাল; অমিত শ্বাহ আৰু গৌৰৱ গগৈৰ তীব্ৰ বাকযুদ্ধ গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ সেতু; যান-জঁটৰ পৰা মুক্তি পাব হাজাৰ হাজাৰ যাত্ৰীয়ে