শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ বিতৰণ কৰে। এই বঁটা বিতৰণী অনুষ্ঠানত ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ধনজিৎ দাস পৰিচালিত ‘শব্দ নিঃশব্দ কোলাহল’ নামৰ ছবিখনে। আনহাতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় বিশ্বজিৎ বৰা পৰিচালিত ‘বেলকনিত ভগৱান’ নামৰ ছবিখনে।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২১ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় জ্যেষ্ঠ অভিনেতা দিনেশ দাসক। একেদৰে ২০২০ বৰ্ষৰ বাবে এই মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰে জ্যেষ্ঠ অভিনেতা জয়ন্ত ভাগৱতীয়ে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলৈকে সকলোৰে সাংস্কৃতিক অৱদানক গভীৰভাৱে স্মৰণ কৰে।

বঁটা বিজয়ীসকলৰ তালিকাত চুটি ছবি শ্ৰেণীত আকলসা ভাগৱতীৰ ‘কুমু’ আৰু উৎপল বৰপূজাৰীৰ ‘শগুণ’ ছবি দুখনে নিপ বৰুৱা বঁটা লাভ কৰে। তথ্যচিত্ৰ শাখাৰ নৰেন বৰুৱা বঁটা লাভ কৰে আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ আৰু পাৰ্থজিৎ বৰুৱাৰ ‘ব্ৰেকিং দ্য ছাইলেন্স’ নামৰ তথ্যচিত্ৰ দুখনে। কন্ঠশিল্পীৰ শিতানত শংকুৰাজ কোঁৱৰ আৰু ৰূপম ভূঞাই ক্ৰমে ২০২০ আৰু ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পীৰ সন্মান লাভ কৰে।

সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু সাংসদ বিজুলী কলিতা মেধিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যপাল আচাৰ্যই চলচ্চিত্ৰক সমাজৰ দাপোণ বুলি অভিহিত কৰে। তেওঁ আধুনিক প্ৰযুক্তিক আকোৱালি লৈ নৱপ্ৰজন্মৰ নিৰ্মাতাসকলক নিষ্ঠাৰে আগুৱাই যাবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰে শিল্পীসকলক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপে অসমীয়া ছবি জগতত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব বুলি মন্ত্ৰী বিমল বৰাই আশা ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *