জল জীৱন মিছনৰ নামত অসমত চলি আছে ব্যাপক বিসংগতি। শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ৰাজ্যখনত হোৱা দুৰ্নীতি আৰু কামৰ নিম্নমানক লৈ এতিয়া দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ৰাজ্যসভাত জনোৱা তথ্য অনুসৰি, এই আঁচনিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত অসম এতিয়া দ্বিতীয় স্থানত আছে। আঁচনিখন ৰূপায়ণৰ নামত হোৱা বিত্তীয় খেলিমেলি আৰু অকামিলা টেপ সংযোগৰ বাবে ৰাজ্যখনত এতিয়ালৈকে ১২২৬ টাকৈ চৰকাৰী অভিযোগ পঞ্জীয়ন কৰা হৈছে। ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ দি জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি সোমান্নাই কয় যে সমগ্ৰ দেশত আঁচনিখনক লৈ লাভ কৰা ১৮,৭৯০ টা অভিযোগৰ ভিতৰত উত্তৰ প্ৰদেশৰ পিছতে অসমৰ স্থান। বিশেষকৈ সংবাদ মাধ্যমৰ প্ৰতিবেদন, জনপ্ৰতিনিধিৰ আপত্তি আৰু ৰাজহুৱা অভিযোগ পৰ্টেলৰ জৰিয়তে অসমৰ জল জীৱন মিছনৰ কামৰ কঙ্কালসাৰ ৰূপটো উদঙাই দিয়া হৈছে। মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, খোৱাপানী যিহেতু ৰাজ্য চৰকাৰৰ বিষয়, সেয়েহে এই আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰৰে। আঁচনিখনৰ বিফলতাৰ বাবে ৰাজ্য চৰকাৰক কাঠগড়াত থিয় কৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “২০১৯ চনৰ পৰা সমগ্ৰ দেশত ১২.৫৯ কোটি গ্ৰাম্য পৰিয়ালক টেপ সংযোগ দিয়া হৈছে যদিও অসমৰ দৰে ৰাজ্যত ভূ-গৰ্ভস্থ পানীৰ প্ৰদূষণ আৰু দুৰ্গম ভৌগোলিক পৰিৱেশৰ বাবে কামবোৰ আশানুৰূপ হোৱা নাই।” চৰকাৰী তথ্যমতে, বৰ্তমানলৈকে দেশৰ ৮১.৭২ শতাংশ গ্ৰাম্য পৰিয়ালে টেপৰ পানী লাভ কৰিছে যদিও অসমত পঞ্জীয়ন হোৱা হাজাৰ হাজাৰ অভিযোগেই প্ৰমাণ কৰে যে চৰকাৰী নথি আৰু বাস্তৱ পৰিস্থিৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। পানী যোগানৰ নামত হোৱা এই বৃহৎ কেলেংকাৰীৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এতিয়া জল জীৱন মিছনৰ সময়সীমা ২০২৮ চনৰ ডিচেম্বৰ মাহলৈ বৃদ্ধি কৰিবলগীয়া হৈছে। অসমৰ বহু ভিতৰুৱা অঞ্চলত টেপ বহিল যদিও পানী নোলাল, বহু ঠাইত আকৌ পানী নোলোৱাকৈয়ে বিল পাছ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰৰ এই ‘হৰ ঘৰ জল’ৰ প্ৰতিশ্ৰুতি এতিয়া ৰাজ্যৰ ১২২৬ টা চৰকাৰী অভিযোগৰ মাজত ক্ৰমান্বয়ে ধূসৰ হৈ পৰিছে। কেন্দ্ৰীয় পুঁজিৰ সঠিক ব্যৱহাৰ আৰু কামৰ স্বচ্ছতাৰ অভাৱৰ বাবেই অসমৰ দৰে ৰাজ্যত আঁচনিখন এক বৃহৎ ব্যৰ্থতা হিচাপে চিহ্নিত হৈছে। Share this:FacebookX Related Post navigation নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতা; নাৰ্ছিং জগতৰ বাবে গৌৰৱৰ ক্ষণ