অসম বিধানসভাৰ ১২৬ খন আসনৰ ভাগ্য নিৰ্ণয়ৰ বাবে আজি ৰাজ্যজুৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰে পৰা ভোটাৰৰ ব্যাপক উৎসাহৰ মাজতে বিয়লি ৫ বজালৈ ৰাজ্যত ৮৪.৪২ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছে। বিশেষকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভোটাৰৰ উপস্থিতি আছিল সৰ্বাধিক, য’ত ৯৪.০৮ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ১২৬ টা সমষ্টিৰ ভাগ্য এতিয়া বন্দী হ’ল ইলেক্ট্ৰনিক ভোটিং মেচিনত।

ইফালে, কেৰালাৰ ১৪০ খন বিধানসভা আসনৰ বাবেও আজি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। বিয়লি ৫ বজালৈকে কেৰালাত ৭৫.০১ শতাংশ ভোটাৰে ভোটদান কৰা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ ভিতৰত কোজিকোড জিলাত সৰ্বাধিক ৭৭.৬৩ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছে। একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ ৩০ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত আজি ৮৬.৯২ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

নিৰ্বাচনৰ সমান্তৰালভাৱে কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণো আজি সুচাৰুৰূপে পাৰ হৈ যায়। কৰ্ণাটকৰ বাগলকোটত ৬৫.৬৮ শতাংশ আৰু দাৱণগিৰে দক্ষিণত ৬৩.০৪ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছে। নাগালেণ্ডৰ মোককচাং জিলাৰ কৰিদাং সমষ্টিত ৮০.৬২ শতাংশ আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰ আসনত ৭৯.৮৪ শতাংশ লোকে ভোটদান কৰে। আজি পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ লগতে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও অন্ত পৰে।

অসমসহ কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ভোট গণনা অহা ৪ মে’ত অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো নিকা কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছিল। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ স্পৰ্শকাতৰ অঞ্চলসমূহত বৃহৎ সংখ্যক নিৰাপত্তাকৰ্মী মোতায়েন কৰা হয়। ৰাজ্যসমূহৰ এই নিৰ্বাচনী ফলাফললৈ এতিয়া সমগ্ৰ দেশবাসীয়ে আগ্ৰহেৰে বাট চাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *