বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে মিতিৰালি কৰি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ জালত পৰিল দুই জেহাদী। মঙলবাৰে নিশা বজালী আৰু বৰপেটা জিলাত চলোৱা এক যুটীয়া অভিযানত জহিৰুল ইছলাম আৰু চাহিদুল ইছলাম নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। এতিয়ালৈকে ‘অপাৰেচন প্ৰঘাত’ৰ অধীনত ৰাজ্যত মুঠ ১৬ জন সন্দেহযুক্ত জেহাদীক নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। এছটিএফৰ সূত্ৰই জনোৱা অনুসৰি, ধৃত দুই যুৱকে বাংলাদেশৰ এটা চৰমপন্থী সংগঠনৰ সৈতে পোনপটীয়া যোগাযোগ ৰখাৰ লগতে অনলাইনযোগে সদস্য ভৰ্তিৰ কাম চলাই আছিল। ইয়াৰ উপৰি তেওঁলোক বিভিন্ন দেশবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰো গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীৰ হাতত পৰিছে। ২০২৪ চনত আৰম্ভ হোৱা ‘অপাৰেচন প্ৰঘাত’ৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশৰ সন্ত্ৰাসবাদীৰ সহযোগীসকলক নিৰ্মূল কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা দুয়োকে অধিক জেৰাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে। তেওঁলোকৰ সৈতে ৰাজ্যৰ আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্তকাৰী বিষয়াই অনুসন্ধান চলাই আছে। নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে জেহাদী চক্ৰৰ বিৰুদ্ধে লাভ কৰা এই বৃহৎ সফলতাই ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা অধিক সুৰক্ষিত কৰিব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation বাইহাটা-তেজপুৰৰ ১৩৬ কিলোমিটাৰ পথ হ’ব চাৰিলেনযুক্ত; ১৫,৪৩১ কোটি টকাৰ মেগা প্ৰকল্পত বিত্ত মন্ত্ৰালয়ৰ অনুমোদন পশ্চিম এছিয়াৰ যুদ্ধত বিধ্বস্ত হ’ব পাৰে ভাৰতৰ অৰ্থনীতিঃ সংসদত আশংকা ৰাহুল গান্ধীৰ