ৰাজ্যত চলিত বৰ্ষত জলবায়ু পৰিৱৰ্তনৰ এক ভয়াৱহ প্ৰভাৱ পৰিলক্ষিত হৈছে। যোৱা নৱেম্বৰ মাহৰ পৰা অসমত বৰষুণৰ পৰিমাণ ৭০ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ বিপৰীতে ১ জানুৱাৰীৰ পৰা এই নাটনিৰ পৰিমাণ ৯৯ শতাংশলৈ বৃদ্ধি পাইছে। এক অস্বাভাৱিক শুষ্ক শীতকালৰ এই ধাৰা এতিয়া ৰাজ্যখনৰ বাবে এক নতুন প্ৰত্যাহ্বান হৈ থিয় দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ ২৫ খন জিলাত টোপাল এটাও বৰষুণ হোৱা নাই। স্বাভাৱিকতে এই সময়ছোৱাত ৩৯ মিলিমিটাৰ বৰষুণ হ’ব লাগে যদিও সমগ্ৰ ৰাজ্যত মাত্ৰ ০.৪ মিলিমিটাৰ বৰষুণহে ৰেকৰ্ড কৰা হৈছে। আনকি ৰাজধানী চহৰ গুৱাহাটীত যোৱা ৬ নৱেম্বৰৰ পৰাই বৰষুণৰ অভাৱত এক তীব্ৰ শুষ্কতা বিৰাজ কৰিছে। এই দীৰ্ঘদিনীয়া খৰাং সদৃশ পৰিৱেশে কৃষি খণ্ডত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী ড° ৰাজীৱ লোচন ডেকাই কয়, “পৰ্যাপ্ত বৰষুণৰ অভাৱত সৰিয়হ, আলু আৰু মাকৈৰ দৰে ৰবি শস্যসমূহ জলীয় বাষ্পৰ সংকটত পৰিছে।” তেওঁ লগতে কয়, “শীতৰ প্ৰকোপ কম হোৱা আৰু বৰষুণৰ অনুপস্থিতিৰ বাবে এই শস্যসমূহৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।” ড° ডেকাই জনোৱা মতে, ফেব্ৰুৱাৰী মাহৰ বৰষুণ চাহ খেতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বৰষুণৰ অভাৱ আৰু বায়ুমণ্ডলৰ শুষ্কতাই চাহ গছৰ নতুন পাত ওলোৱাত পলম কৰিব পাৰে। ইয়াৰ উপৰিও আম আৰু লিচুৰ দৰে ফলসমূহতো অকালতে ফুল ধৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, চলিত ফেব্ৰুৱাৰী মাহটো ৰাজ্যত অস্বাভাৱিকভাৱে গৰম আছিল। বিশেষকৈ উজনি অসমৰ বহু ঠাইত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বেছি আছিল। অৱশ্যে যোৱা ৩-৪ দিনত ৰাজ্যৰ কিছুমান ঠাইত হোৱা সামান্য বৰষুণৰ বাবে তাপমাত্ৰা কিছু হ্ৰাস পাইছে। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যত বৰষুণৰ মাত্ৰা কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation ট্ৰলী বেগত ৪ কোটি টকা লুকুৱাইও নহ’ল ৰক্ষা; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল খনি বিষয়া