অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত এতিয়া সৃষ্টি হৈছে এক তীব্ৰ উত্তজনাৰ। নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী কংগ্ৰেছে ৪৬ খন আসনত জিকাৰ দাবী কৰিছে। প্ৰদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰৰ মতে, যোৱা চাৰি মাহত দলৰ সাংগঠনিক স্থিতি লক্ষণীয়ভাৱে শক্তিশালী হৈ উঠিছে।

বিজেপিয়ে কংগ্ৰেছক সংখ্যালঘু এলেকাত সীমাবদ্ধ থকা বুলি কৰা প্ৰচাৰক নস্যাৎ কৰি দলটোৱে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এতিয়া হ্ৰাস পাইছে সংখ্যালঘু প্ৰধান আসনৰ সংখ্যা। বৰ্তমান ৰাজ্যৰ মাত্ৰ ১৯ খন আসনতহে ৫০ শতাংশতকৈ অধিক মুছলমান ভোটাৰ আছে আৰু ইয়াৰে বেছিভাগ আসনতে কংগ্ৰেছে জয়ী হোৱাৰ আশা ৰাখিছে। ইয়াৰ উপৰি উজনি অসম আৰু উত্তৰ পাৰৰ ৪৩ খন আসনৰ ভিতৰত ২৩ খনত দলৰ স্থিতি অত্যন্ত শক্তিশালী বুলি দাবী কৰে কংগ্ৰেছ নেতৃত্বই।

ইফালে, প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰিও দলৰ ভিতৰচ’ৰাত এতিয়া আৰম্ভ হৈছে এক বিশেষ চৰ্চা। জিকাৰ সম্ভাৱনাক মূল মন্ত্ৰ হিচাপে লৈ কংগ্ৰেছে এইবাৰ বঞ্চিত কৰাৰ সম্ভাৱনা আছে কেইবাজনো বৰ্তমানৰ বিধায়কক। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত গঠিত স্ক্ৰীনিং কমিটিয়ে ইতিমধ্যে বাহ্যিক সংস্থাৰ জৰিয়তে চলোৱা সমীক্ষা আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মতামতৰ ভিত্তিত প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে। ৫ মাৰ্চত এই কমিটিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই প্ৰথমখন তালিকা ঘোষণা কৰিব পাৰে দলটোৱে।

আনহাতে, মিত্ৰজোঁটৰ সহযোগী দল ৰাইজৰ দলৰ সৈতে আসন বুজাবুাজিক লৈ কংগ্ৰেছৰ মাজত বৰ্তমানো অব্যাহত আছে কিছু সংঘাত। অখিল গগৈৰ দলটোৱে ১২ ৰ পৰা ১৫ খন আসন দাবী কৰিছে যদিও কংগ্ৰেছে ইমান সংখ্যক আসন এৰি দিবলৈ সন্মত হোৱা নাই। চৰকাৰবিৰোধী ঢৌ আৰু জনসাধাৰণৰ মাজত থকা অসন্তুষ্টিক মূলধন কৰি এইবাৰ দিছপুৰ দখলৰ লক্ষ্যৰে কংগ্ৰেছে নিজৰ ৰণনীতি অধিক আক্ৰমণাত্মক কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *