তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক আন্ধাৰত থাকিবলৈ বাধ্য কৰাইছে। ধুমুহাৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে ইয়াৰ ফলত লাখ লাখ আমেৰিকান লোকৰ জীৱনও নিথৰ হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি সমগ্ৰ আমেৰিকাত প্ৰায় ১০ লাখ লোক বিদ্যুৎ বিহীন হৈ আছে আৰু শীতকালীন ভয়াৱহ ধুমুহাই সমগ্ৰ দেশৰ পূব দুই তৃতীয়াংশ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ১০ হাজাৰতকৈ অধিক বিমান সেৱা বাতিল কৰা হৈছে।ধুমুহাক ঐতিহাসিক বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল জৰুৰীকালীন দুৰ্যোগ ঘোষণাত অনুমোদন জনায়। কিয়নো প্ৰায় ২০খন ৰাজ্য আৰু ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াই বতৰ জৰুৰীকালীন ঘোষণা কৰিছে। Share this:FacebookX Related Post navigation তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰাক লৈ বিতৰ্ক “তিল পিঠা আৰু লাৰুৰে ৰাষ্ট্ৰপতি ভৱনত গণৰাজ্য দিৱস উদযাপন”