ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত উপসাগৰীয় অঞ্চলৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ডুবাইত আবদ্ধ হৈ থকাৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে অংশগ্ৰহণ কৰিব নোৱাৰিব। খেলুৱৈসকলৰ ভ্ৰমণৰ বাধাই ছুপাৰ ১০০০ প্ৰতিযোগিতাৰ বাবে তেওঁৰ প্ৰস্তুতিত গুৰুতৰ প্ৰভাৱ পেলাইছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণ আৰু পৰৱৰ্তী সময়ত ইৰানৰ প্ৰতিশোধৰ বাবে বিমান সেৱা বাতিল হোৱাৰ বাবে শনিবাৰৰ পৰা ডুবাইত আবদ্ধ হৈ আছে সিন্ধু। ডুবাইত আবদ্ধ হৈ আছে সিন্ধু আৰু তেওঁৰ প্ৰশিক্ষক ইণ্ডোনেছিয়াৰ ইৰৱানছিয়া আদি প্ৰতামা। তেওঁলোকৰ থকাৰ স্থানৰ ওচৰত হোৱা বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে। পিছত উপসাগৰীয় অঞ্চলত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে প্ৰথম ৰাউণ্ডত থাইলেণ্ডৰ সুপানীদা কাটেথঙৰ বিৰুদ্ধে খেলাৰ কথা আছিল যদিও ডুবাইৰ আকাশমাৰ্গ আৰু বিমানবন্দৰ বন্ধ হোৱাৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিব লাগিব। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনেও পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু পলমকৈ অহা খেলুৱৈসকলক সহায় কৰিবলৈ সাজু হৈছে। এই প্ৰতিযোগিতাত সিন্ধুৰ অংশগ্ৰহণ সম্প্ৰতি অনিশ্চিত হৈ আছে যদিও আন একাংশ ভাৰতীয় খেলুৱৈয়ে ছিংগাপুৰ আৰু আফ্ৰিকাৰ পৰা বিকল্প পথেৰে বাৰ্মিংহামত উপস্থিত হৈছে। অৱশ্যে এই দীঘলীয়া আৰু ক্লান্তিকৰ যাত্ৰাই তেওঁলোকৰ প্ৰস্তুতিত কিমান প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়। ভাৰতৰ শীৰ্ষ পুৰুষ একক খেলুৱৈ লক্ষ্য সেন আৰু উদীয়মান যুৱক আয়ুষ শেট্টীয়ে ভ্ৰমণ সম্পৰ্কীয় কোনো সমস্যা নোহোৱাকৈ উপস্থিত লৈছে। লক্ষ্যই প্ৰথম ৰাউণ্ডত বিশ্বৰ এক নম্বৰ চীনৰ শ্বি ইউ চিৰ বিৰুদ্ধে খেলিব, আনহাতে আয়ুষে ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ বিৰুদ্ধে খেলিব। চীনৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে যোৱা পাঁচখন মেচৰ ভিতৰত চাৰিখন খেলত পৰাস্ত হোৱাৰ বাবে প্ৰথম ৰাউণ্ডৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লক্ষ্যই। জানুৱাৰী মাহত অনুষ্ঠিত হোৱা ইণ্ডোনেছিয়া মাষ্টাৰছকে ধৰি ফাৰহানৰ হাতত খেলা পাঁচখন খেলৰ ভিতৰত তিনিখন খেলতো পৰাস্ত হৈছে লক্ষ্যই। মহিলা একক শাখাত মালবিকা বানছ’দে টকিঅ’ অলিম্পিকৰ চেম্পিয়ন চীনৰ চেন ইউফেইৰ বিৰুদ্ধে উদ্বোধনীত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। Share this:FacebookX Related Post navigation ইতিহাস সৃষ্টিৰে ৰঞ্জী ট্ৰফীৰ চেম্পিয়ন জম্মু-কাশ্মীৰ