প্ৰশাসনিক দায়িত্বতকৈও যে সংস্কাৰ আৰু পিতৃ-মাতৃৰ স্থান সদায় ওপৰত, তাৰেই এক অনন্য নিদৰ্শন দাঙি ধৰিছে হাৰিয়ানাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান অজয় সিংঘলে। বৃহস্পতিবাৰে পঞ্চকুলাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত তেওঁ আৰক্ষী বাহিনীৰ এই সৰ্বোচ্চ দায়িত্ব গ্ৰহণ কৰে। এগৰাকী নিকা ভাবমূৰ্তিৰ বিষয়া হিচাপে পৰিচিত সিংঘলে ডিজিপিৰ আসনত বহাৰ পূৰ্বে নিজৰ ৮৫ বছৰীয়া বৃদ্ধ পিতৃক সেই আসনত বহুৱাই সেৱা কৰি আশীৰ্ব্বাদ গ্ৰহণ কৰে।

হাৰিয়ানা আৰক্ষীৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ এই বিশেষ মুহূৰ্তত উপস্থিত থকা আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলে এক আৱেগিক দৃশ্যৰ সাক্ষী হৈ ৰয়। ডিজিপি সিংঘলে নিজৰ বৃদ্ধ পিতৃক সন্মানেৰে নিজৰ কাৰ্য্যালয়ৰ আসনত বহুৱাই চৰণ স্পৰ্শ কৰাৰ সময়ত সমগ্ৰ পৰিৱেশ স্তব্ধ হৈ পৰে। তেওঁৰ এই কাৰ্যই সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে যে সফলতাৰ শিখৰত উপনীত হ’লেও নিজৰ শিপা আৰু পিতৃ-মাতৃৰ অৱদানক পাহৰিব নালাগে।

ইফালে, নতুন ডিজিপি গৰাকীৰ এই পদক্ষেপক বিভিন্ন মহলে প্ৰশংসাৰে উপচাই পেলাইছে। বিশেষকৈ সমাজত জ্যেষ্ঠ নাগৰিকৰ প্ৰতি বৃদ্ধি পোৱা অৱহেলাৰ সময়ত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই দাঙি ধৰা এই উদাহৰণে আৰক্ষী প্ৰশাসনক বৃদ্ধসকলৰ প্ৰতি অধিক সংবেদনশীল কৰি তুলিব বুলি আশা কৰা হৈছে। এই দায়িত্ব গ্ৰহণৰ পাছতে সিংঘলে ৰাজ্যৰ আইন-শৃংখলা অধিক কটকটীয়া কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ সংকল্প গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *