মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ মঙলবাৰে অসম বিধানসভাৰ মজিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বিৰোধী এআইইউডিএফৰ বিধায়কসকলে এই বিষয়টো লৈ এক স্থগিতাদেশ প্ৰস্তাৱ উত্থাপন কৰে যদিও অধ্যক্ষই সেয়া নাকচ কৰাত তেওঁলোকে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ মন্তব্যই ৰাজ্যত এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে উচতনি যোগাইছে।

বিধানসভাৰ মজিয়াত বিধায়ক আমিনুল ইছলামে কয় যে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে উজনি অসমৰ বহু ঠাইত মিঞা সম্প্ৰদায়ৰ লোকসকলক হাৰাশাস্তি কৰিবলৈ একাংশ দুষ্কৃতিকাৰীয়ে সুযোগ লাভ কৰিছে। তেওঁ অভিযোগ কৰে যে কামৰ সন্ধানত যোৱা লোকসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে কৰ্মস্থলী ত্যাগ কৰিবলৈও বাধ্য কৰোৱা হৈছে। আনকি বহু ঠাইত বাংলাভাষী মুছলমানসকলক ঘৰ ভাড়া নিদিবলৈও ভাবুকি প্ৰদান কৰা হৈছে বুলি ইছলামে সদনত উল্লেখ কৰে।

ইফালে, অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই স্থগিতাদেশ প্ৰস্তাৱ নাকচ কৰি কয় যে যিহেতু আজি বিধানসভাত লেখানুদান বাজেট দাখিল কৰা হ’ব, সেয়েহে এনে প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰি। অধ্যক্ষই লগতে পৰামৰ্শ দিয়ে যে বিধায়কসকলে এই গুৰুত্বপূৰ্ণ বিষয়টো ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত উত্থাপন কৰিব পাৰে। চৰকাৰী পক্ষৰ পৰা স্পষ্ট কৰা হৈছে যে নিৰ্ধাৰিত সময়তহে এই বিষয়ত চৰকাৰে উত্তৰ দিব।

অধ্যক্ষৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ এআইইউডিএফৰ সদস্যসকলে সদনৰ মজিয়াতে চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ কৰে আৰু সভাৰ পৰা বাহিৰ হৈ যায়। বিৰোধীৰ মতে, ৰাজ্যৰ আইন-শৃংখলা আৰু সামাজিক সম্প্ৰীতিৰ স্বাৰ্থত এই বিষয়টোৰ ওপৰত জৰুৰী আলোচনাৰ প্ৰয়োজন আছিল। উল্লেখ্য যে যোৱা কেইদিনমান ধৰি মুখ্যমন্ত্ৰীয়ে মিঞা সম্প্ৰদায়ক লক্ষ্য কৰি কেতবোৰ তীক্ষ্ণ মন্তব্য কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *