অৱশেষত শেষ মোহৰ পৰিল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত। আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলক ১১ খন আসন এৰি দিবলৈ মান্তি হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত হোৱা সুদীৰ্ঘ আলোচনাৰ অন্তত বিৰোধী ঐক্যৰ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়।

শেহতীয়া বুজাপৰা অনুসৰি ৰাইজৰ দলে শিৱসাগৰ, দলগাঁও, ধিং, চিচিবৰগাঁও, ডিগবৈ, বোকাখাত, মানস, তেজপুৰ, কলিয়াবৰ, মাৰ্ঘেৰিটা আৰু মৰিয়নী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ উপৰি পূব গোৱালপাৰা আৰু গৌৰীপুৰ সমষ্টিত দুয়োটা দলে মিত্ৰতাপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।

মিত্ৰজোঁটৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, “বিৰোধীৰ ঐক্যবদ্ধ যুঁজখন অধিক শক্তিশালী কৰাৰ বাবে আমি আলোচনা অব্যাহত ৰাখিছিলোঁ। আমাৰ হাতত সময় কম আছিল যদিও সকলোৰে মাজত এক সহমত গঢ়ি তোলাটো অত্যন্ত জৰুৰী আছিল।”

তেওঁ লগতে কয়, “আসন ভাগ-বতৰাৰ এই চূড়ান্ত প্ৰস্তাৱ আমি এতিয়া কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিম। এ আই চি চিৰ সেউজ সংকেত লাভ কৰাৰ পাছতেই এই মিত্ৰজোঁটে নিৰ্বাচনী যুঁজত সম্পূৰ্ণ দমেৰে নামি পৰিব।”

উল্লেখ্য যে, কংগ্ৰেছে ইতিমধ্যে অসম জাতীয় পৰিষদ, চিপিআই (এম), চিপিআই (এম-এল) আৰু এ পি এইচ এল চিৰ সৈতে মিত্ৰতা স্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ ভোট বিভাজন ৰোধ কৰাৰ লক্ষ্যৰে এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হোৱা এই বুজাপৰাই এক গুৰুত্বপূৰ্ণ কৌশলগত ভূমিকা পালন কৰিব বুলি চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *