অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই। দেওবাৰে বঢ়মপুৰৰ পুৰণিগুদামত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ সামৰণি সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বৰ্তমানৰ বিধায়ক জীতু গোস্বামীৰ প্ৰাৰ্থিত্ব একপ্ৰকাৰ নিশ্চিত কৰে। শইকীয়াই দলীয় কৰ্মীসকলক সম্বোধন কৰি স্পষ্টকৈ কয় যে এইবাৰো জীতু গোস্বামীয়ে পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।

প্ৰদেশ সভাপতিগৰাকীৰ এই ঘোষণাই সমষ্টিটোত মিত্ৰদল অসম গণ পৰিষদৰ আশা নিৰ্বাপিত কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ অগপৰ নগাঁও জিলাৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই বঢ়মপুৰৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ যি সম্ভাৱনা আছিল, সেইয়া এতিয়া ম্লান পৰিছে। বিজেপিৰ এই আগতীয়া তৎপৰতাই সমষ্টিটোত দলীয় স্থিতি অধিক শক্তিশালী কৰাৰ কৌশল হিচাপে বিবেচিত হৈছে।

সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সভাপতিৰ ইংগিতক অধিক স্পষ্ট কৰি দিয়ে। হিমন্ত বিশ্ব শৰ্মাই কয়, “বঢ়মপুৰত কোনে টিকট পাব সেই কথা সভাপতিৰ ভাষণৰ পৰাই স্পষ্ট হৈ পৰিছে।” তেওঁৰ এই চুটি অথচ তাৎপৰ্যপূৰ্ণ মন্তব্যই জীতু গোস্বামীৰ প্ৰাৰ্থিত্বত চৰকাৰী মোহৰ মৰা বুলি ৰাজনৈতিক মহলে চৰ্চা কৰিছে।

বঢ়মপুৰত বিজেপিৰ এই একপক্ষীয় ঘোষণাৰ পাছত এতিয়া মিত্ৰদল অগপৰ ভূমিকা কি হ’ব, সেইয়া লক্ষণীয় হ’ব। আগন্তুক নিৰ্বাচনত নগাঁৱৰ এই গুৰুত্বপূৰ্ণ সমষ্টিটোত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে এতিয়াৰ পৰাই নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *