অসম তথা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এজন ঘোষিত বিদেশীক বহিষ্কাৰৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। জিলাখনৰ সদৰটিলা গাঁৱৰ নিবাসী ৬৮ বছৰীয়া জৰিনা খাতুনক ভাৰতীয় সীমা ত্যাগ কৰিবলৈ শেহতীয়াকৈ এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্তই। বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ ৰায় আৰু জিলা আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰি আয়ুক্তই স্পষ্ট কৰি দিয়ে যে এগৰাকী বিদেশীৰ উপস্থিতি ৰাজ্যৰ জনস্বাৰ্থৰ বাবে ক্ষতিকাৰক। প্ৰয়াত চান্দ মিঞাৰ পত্নী জৰিনা খাতুনৰ পিতৃগৃহ আৰু স্বামীৰ গৃহ দুয়োটাই মানকাচৰ থানাৰ অন্তৰ্গত যদিও ন্যায়াধিকৰণে তেওঁক ভাৰতীয় নাগৰিক হিচাপে স্বীকাৰ কৰা নাই। ৯ গৰাকী সন্তানৰ মাতৃ জৰিনা খাতুনক পোনতে ২০১৯ চনত ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০২১ চনত তেওঁ জামিনত মুক্তি লাভ কৰিছিল যদিও প্ৰায় ৬ মাহ পূৰ্বে তেওঁক পুনৰ আটক কৰি গোৱালপাৰাৰ মাটিয়া ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা হৈছে। বৰ্তমান তেওঁ উক্ত কেম্পতে বন্দী হৈ আছে। প্ৰশাসনিক নিৰ্দেশনা অনুসৰি, ঘোষিত বিদেশীগৰাকীৰ বিৰুদ্ধে কেৱল বহিষ্কাৰৰ নিৰ্দেশেই নহয়, তেওঁৰ সমস্ত চৰকাৰী পৰিচয় আৰু সম্পত্তিৰ ওপৰতো চকু ৰাখিবলৈ কোৱা হৈছে। আয়ুক্তই সংশ্লিষ্ট বিভাগসমূহক উদ্দেশ্যি কয়, “জৰিনা খাতুনৰ বায়’মেট্ৰিক তথ্য ফৰেইনাৰ্ছ ইণ্ডিকেচন প’ৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ লগতে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। ইয়াৰ উপৰি তেওঁৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড বাতিল কৰাৰ লগতে সকলো চৰকাৰী আঁচনিৰ সুবিধা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” জিলা প্ৰশাসনে আনকি জৰিনা খাতুনৰ নামত থকা স্থাৱৰ-অস্থাৱৰ সম্পত্তিও জব্দ কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যদি এই নিৰ্দেশ পালন কৰা নাযায়, তেন্তে আইন অনুসৰি আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়া হৈছে। দীৰ্ঘদিন ধৰি চলি থকা এই বিদেশী গোচৰটোত প্ৰশাসনৰ এনে শূন্য সহনশীল নীতিয়ে এতিয়া সমগ্ৰ সীমান্তৱৰ্তী জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation কৰ্ণাটক আদালতৰ কঠোৰ ৰায়ঃ বিদেশী পৰ্যটক ধৰ্ষণ-হত্যা গোচৰত তিনিজনক মৃত্যুদণ্ড ৰণডংকাৰ মাজতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা: ফেব্ৰুৱাৰীৰ শেষত প্ৰথমখন তালিকা সম্ভাৱ্য