অসম চৰকাৰৰ কেবিনেটে ‘বিদেশী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০’ৰ অধীনত ৰাজ্যৰ পৰা বিদেশীক অপসাৰণৰ বাবে এটা মানক পৰিচালনা পদ্ধতি (এছ অ’ পি)ত অনুমোদন জনাইছে। মঙলবাৰে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে জিলা উপায়ুক্ত (ডি চি) আৰু অতিৰিক্ত জিলা উপায়ুক্তক সন্দেহযুক্ত বিদেশীক ১০ দিনৰ জাননী জাৰি কৰি নথি-পত্ৰ জমা দিবলৈ কোৱাৰ ক্ষমতা প্ৰদান কৰিছে। শৰ্মাই কয় যে যদি উপায়ুক্ত বা এডিচিয়ে সংশ্লিষ্ট ব্যক্তিজন বিদেশী বুলি সন্মত হয়, তেন্তে দশম দলটোত নিজেই বহিষ্কাৰৰ আদেশ জাৰি কৰিব। তেওঁ কয় যে এই প্ৰক্ৰিয়া এতিয়ালৈকে প্ৰচলিত প্ৰক্ৰিয়াৰ পৰা পৃথক আৰু ইয়াত বিদেশী ন্যায়াধিকৰণ (এফ টি)ৰ ভূমিকা নাথাকিব। ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰে বিদেশীক ক্ষিপ্ৰতাৰে আৰু ফলপ্ৰসূভাৱে বহিষ্কাৰ কৰাৰ এক সহজ উপায় হ’ব। অৱশ্যে মুখ্যমন্ত্রীয়ে লগতে কয় যে যদি কোনো বিষয়াই প্রাথমিক সিদ্ধান্ত ল’ব নোৱাৰে বা সন্দেহ কৰে তেন্তে বিষয়টো বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ মতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত সংবিধান বিচাৰপীঠৰ নিৰ্দেশ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মানি চলি এই খচৰা এছ অ’ পি প্ৰস্তুত কৰা হৈছে। তেওঁ কয়-ৰাজ্যৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰাৰ লগতে চুবুৰীয়া দেশৰ পৰা চলি থকা অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক পথ প্ৰদৰ্শন কৰিবলৈ কেবিনেটে এছ অ’ পি অনুমোদন জনাইছে, যাৰ ফলত অসমৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা সুনিশ্চিত হৈছে। মুখ্যমন্ত্রীয়ে আৰু কয় যে যদি কোনো ব্যক্তি অবৈধ প্রব্রজনকাৰী বুলি আৰক্ষী বা আন কোনো সূত্রৰ পৰা তথ্য লাভ কৰা হয়, তেনেহ’লে উপায়ুক্ত বা এডিচিয়ে সংশ্লিষ্ট ব্যক্তিক ১০ দিনৰ ভিতৰত নাগৰিকত্ব সম্পৰ্কীয় নথি-পত্ৰ জমা দিবলৈ ক’ব। তেওঁ কয় যে যদি দাখিল কৰা প্ৰমাণ সন্তোষজনক নহয় বুলি ধৰা পৰে তেন্তে বিষয়াসকলে নিজৰ মতামত লিখিতভাৱে লিপিবদ্ধ কৰি সংশ্লিষ্ট ব্যক্তিজনক ‘অবৈধ প্ৰব্ৰজনকাৰী’ বুলি চমু তথ্য আৰু কাৰণসহ বহিষ্কাৰৰ আদেশ জাৰি কৰিব। Share this:FacebookX Related Post navigation ‘কা’ৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব আবেদনৰ সময় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল